আজি বিশ্ব আদিবাসী দিৱস
প্ৰতি বছৰে ৯ আগষ্টত বিশ্বজুৰি আদিবাসী দিৱস(WORLD INDIGENOUS DAY) পালন কৰা হয় । বিশ্বৰ বিভিন্ন জনজাতীয় লোকসকলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয় ।
নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ 76 বছৰ : পীড়িতলৈ শ্ৰদ্ধাঞ্জলি
১৯৪৫ চনৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ ভুক্তভোগীসকললৈ শ্ৰদ্ধাঞ্জলি ৷ সোমবাৰে নাগাচাকিয়ে উক্ত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 189,163 জন ভুক্তভোগীৰ নাম সন্নিৱিষ্ট এটা স্মাৰক স্থাপন কৰা হ'ব ৷
উত্তৰ প্ৰদেশ নিৰ্বাচন: কংগ্ৰেছৰ BJP Gaddi Chhodo শীৰ্ষক পদযাত্ৰা
2022ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ(UP election 2022) বাবে কংগ্ৰেছে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি ৷ বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যে এতিয়াৰে পৰা দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ ৷ সেই অনুসৰি বৰ্ধিত মুদ্ৰাস্ফিতী, নিবনুৱা সমস্যা, কৃষকৰ দুৰ্দশা আৰু আইন-শৃংখলাৰ অৱনতি আদি বিষয়সমূহক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে পদযাত্ৰা কৰিবলৈ সাজু হৈছে কংগ্ৰেছ ৷
হাগ্ৰামাই NIA ৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী
উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি গৰম হৈ পৰিছে বিটিআৰৰ বতাহ ৷ এনে সময়তে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে মিত্ৰতা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সতে গোপন বৈঠকত মিলিত হোৱা বুলি সৰৱ চৰ্চা চলিছে ৷ বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে এই সন্দৰ্ভত দেওবাৰে চিৰাং জিলাত দলীয় স্থিতি ব্যক্ত কৰে ৷
বহিঃৰাজ্য়ৰ চাহে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ চাহখণ্ডলৈ
ৰাজ্য চৰকাৰে বহিঃৰাজ্য়ৰ পৰা চাহ আনি অসমত বিক্ৰী কৰাৰ বাবে অসমৰ উৎপাদিত চাহৰ বজাৰ নিম্নগামী হৈছে ৷ যাৰ ফলস্বৰূপে অসমত কেঁচা চাহপাতৰ দাম হ্ৰাস পাবলৈ ধৰিছে বুলি মন্তব্য কৰে পৰিচালকগৰাকীয়ে ৷ সম্প্ৰতি অসমত কেঁচা চাহপাতৰ দাম হ্ৰাস পোৱাত শংকিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Traders)সকল ।