প্ৰায় এমাহ এদিনৰ অন্তত স্ব-ভূমিত উপস্থিত ৰিতুল শইকীয়া
আলফা স্বাধীনৰ দ্বাৰা অপহৃত ৰিতুল শইকীয়াক শনিবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱাত প্ৰায় এমাহ এদিনৰ অন্তত মুকলি কৰি দিয়াৰ পাছত অসম ৰাইফলছ আৰু নগালেণ্ড আৰক্ষীয়ে জিম্মাত লৈ নাগালেণ্ডৰ মন জিলালৈ অনা হয় ৷ তাৰ পাচতে মন জিলাত বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ৰিতুল শইকীয়াৰ ৷ ইয়াৰ পাচতেই যাৱতীয় সকলো কাৰ্য সম্পাদন কৰি পৰৱৰ্তী সময়ত অসম আৰক্ষীক গতাই দিব ৰিতুল শইকীয়াক । এই ক্ষেত্ৰত বৰ্তমানলৈ কোনো মন্তব্য কৰা পৰা বিৰত আছে আৰক্ষী তথা সুৰক্ষা বাহিনী ।
ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ
ছিণ্ডিকেট, অপৰাধী চক্ৰক চৰম সকীয়নি নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ ৷ ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ সংকল্প ধুবুৰীৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষকৰ ৷
জুন মাহৰ পৰা সুলভ হ’ব ক’ভিডৰ প্ৰতিষেধক : স্বাস্থ্যমন্ত্ৰী
শুকুৰবাৰে জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনত ক'ভিড ৰোগীৰ বাবে থকা উপযুক্ত বিচনা, ক’ভিড প্ৰতিষেধক আৰু ‘ব্লেক ফাংগাছ’ৰ সন্দৰ্ভত মত প্ৰকাশ কৰে ৷
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য ৰঞ্জিত দত্তৰ
সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে মহামাৰীবিধৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰখনৰ সহায় হোৱাকৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই ।
বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত
বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে ৬ গৰাকী আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে আন ৬ গৰাকী আক্ৰান্তক কাৰাগাৰতে আইচলেচনত ৰখা হৈছে ৷