অসম

assam

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

TOP TEN NEWS AT 1 PM
1 বজাৰ দহটা শীৰ্ষ বাতৰি...

By

Published : May 16, 2021, 1:03 PM IST

হাস্পতালৰ মজিয়া মচিলে মিজোৰামৰ ক’ভিডত আক্ৰান্ত এগৰাকী মন্ত্ৰীয়ে

ক’ভিড ৱাৰ্ডৰ মজিয়া মচি ভাইৰেল হ’ল মিজোৰামৰ এগৰাকী মন্ত্ৰী ৷ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত ভাইৰেল হোৱা মন্ত্ৰীগৰাকী হৈছে মিজোৰামৰ শক্তি আৰু বিদ্যুৎ মন্ত্ৰী আৰ. লালজিৰলিয়ানা ৷ মন্ত্ৰীগৰাকীয়ে জ’ৰাম মেডিকেল কলেজৰ ক’ভিড ৱাৰ্ডৰ মজিয়া মচি থকাৰ এখন ছবি সম্প্ৰতি ভাইৰেল হৈ পৰিছে ৷

টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক

টিংৰাইত বোমা বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক । আটকাধীন অভিযুক্ত যুৱকজন নাজিৰাটিং তামুলী বন গাঁৱৰ দিপেন শইকীয়া (২৮) ৷ বৰ্তমান আৰক্ষীয়ে যুৱকজনক সোধপোছ অব্যাহত ৰাখিছে ৷

এঘাৰমাইলৰ অগ্নিকাণ্ডত জাহ গ'ল 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

শনিবাৰে নিশা নগাঁৱৰ এঘাৰমাইলত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ছাই হৈ গ'ল সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ অগ্নিকাণ্ডত কামপুৰ আৰু নগাঁও অগ্নিনিৰ্বাপক বাহিনীৰ সাতখনকৈ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে ৷

বিধ্বংসী অগ্নিকাণ্ডত ছাৰ-খাৰ শিৱসাগৰৰ নতুন দৈনিক বজাৰ

দেওবাৰে পুৱতি নিশা শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ নতুন দৈনিক বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ।‌ অগ্নিকাণ্ডত 30 খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে কোটি কোটি টকাৰ সা-সম্পত্তি জুইত জাহ যায় । বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

মৰিগাঁৱত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২৪৬৮ জনলৈ বৃদ্ধি

মৰিগাঁৱত ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে ক'ভিড পৰিস্থিতি । শনিবাৰৰ দিনটোত জিলাখনত ২১৩ জন লোক মহামাৰীত আক্ৰান্ত হয় । বৰ্তমানলৈকে জিলাখনত ২৪৬৮ জনলৈ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷

বৰপেটাত ক’ভিডত আক্ৰান্ত 6 গৰাকী ৰোগীৰ মৃত্যু

শনিবাৰে বৰপেটা জিলাত কৰ’ণাত আক্ৰান্ত হৈ 6 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ বৰপেটা জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে জিলাখনত ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি পাইছে ৷

চিকিৎসক অবিহনেই চলিছে বাক্সাৰ এখন চিকিৎসালয়

বাক্সাৰ বাৰেংগাবাৰী স্বাস্থ্য কল্যাণ আয়ুস্মান ভাৰত চিকিৎসালয়ত চিকিৎসকৰ অভাৱ ৷ শীঘ্ৰেই চিকিৎসালয়খনত চিকিৎসক নিযুক্তি দিয়াৰ দাবীৰে জিলা উপায়ুক্ত, মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

ৰঙিয়াৰ চেপ্তীত ক'ভিড আক্ৰান্তৰ আত্মহত্যা

ৰাজ্যৰ চৌদিশে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ৰঙিয়াতো দ্ৰুত হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ তাৰ মাজতে ৰঙিয়াৰ চেপ্তীত ঘটিল এক হৃদয় বিদাৰক ঘটনা ৷ বুধবাৰে কৰ'ণাত আক্ৰান্ত হোৱা এগৰাকী লোকে বাছি ল'লে চৰম পন্থা ৷ নিজ বাসগৃহতে আইচ'লেচনত থকা লোকজনে পত্নীসহ দুয়ো কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ পাই আত্মহত্যাৰ পথ বাছি লয় ৷

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ক'ভিড বিভাগ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

মৰিগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা ৷ বিধায়ক ৰমাকান্ত দেউৰী আৰু ডাঃ আচিফ নাজাৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ক'ভিড বিভাগ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷

কৰ’ণা মহামাৰীৰ সময়ত ভাৰতৰ ফাৰ্মা উদ্যোগৰ 59 শতাংশ লাভ

ফাৰ্মাচিউটিকেল বজাৰ গৱেষণা প্ৰতিষ্ঠান আইএমএছ হেলথৰ প্ৰতিবেদন অনুসৰি, ক’ভিড-19 সম্পৰ্কীয় ঔষধ বিক্ৰীত 2021ৰ মাৰ্চত দেশত 16 শতাংশ বৃদ্ধিৰ বিপৰীতে ভাৰতীয় ফাৰ্মা বজাৰৰ এপ্ৰিলত 59 শতাংশ বৃদ্ধি হৈছে ।

ABOUT THE AUTHOR

...view details