অসম

assam

ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি - Sebaonline

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP TEN AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Nov 6, 2022, 8:58 AM IST

Assam Grade 3 Result 2022 : আজি ঘোষণা হ'ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল (Grade 3 result)। Sebaonline.org ৱেৱচাইটযোগে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে ৷

Siang river become turbid: হঠাৎ ঘোলা হৈ পৰিছে চিয়াং নদীৰ পানী

শুকুৰবাৰে সন্ধিয়াৰ পৰা হঠাৎ চিয়াং নদীৰ পানী ঘোলা হৈ পৰে (Siang river in Arunachal Pradesh)। ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ উৎস চাংপোত বান্ধ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ ফলতে নদীখনৰ এনে পৰিৱৰ্তন হৈছেনে নেকি ? নে তীব্ৰতৰ ভূমিস্খলনৰ ফলত চিয়াং নদীৰ পানী পৰিৱৰ্তন হৈছে ? ৰহস্যৰ আৱৰ্তত চিয়াঙৰ পানী ঘোলা হোৱাৰ ৰহস্য ৷

Land pattas to indigenous landless people: ঢেকিয়াজুলিৰ ১,৩০১টা খিলঞ্জীয়া জনজাতীয় পৰিয়ালক ভূমিপট্টা বিতৰণ

বন অধিকাৰ আইন ২০০৬ অনুসৰি ঢেকিয়াজুলিৰ খিলঞ্জীয়া জনজাতীয় পৰিয়ালৰ মাজত শনিবাৰে বিতৰণ কৰা হয় ভূমিপট্টা(Land pattas to indigenous landless people) ৷ আজি ১৩ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ডিচেম্বৰত আন ৬০০-৭০০ গৰাকী পৰিয়ালক প্ৰদান কৰা হ’ব ভূমি পট্টা ৷

Rising Sun Water Fest 2022: জলক্রীড়াৰ প্ৰচাৰত অসম-মেঘালয় চৰকাৰে একেলগে কাম কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

বিগত ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘ৰাইজিং ছান ৱাটাৰফেষ্ট-২০২২’ৰ (Rising Sun Water Fest 2022) সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট’ৰ দৰে জলক্ৰীড়া উৎসৱে ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ জলক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়াবিদক আকর্ষণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Indian-origin boy Prajwal in core team of UK PM: ঋষি ছুনাকৰ মূল সমিতিত অন্তৰ্ভূক্ত ভাৰতীয় বংশোদ্ভৱ প্ৰজ্জ্বল পাণ্ডে

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ মূল সমিতিত (Core committee of UK PM) অন্তৰ্ভূক্ত ভাৰতীয় বংশোদ্ভৱ প্ৰজ্জ্বল পাণ্ডে ৷ প্ৰজ্জ্বলে ৰাষ্ট্ৰসংঘৰ মুখ্য বিজ্ঞানী আৰু হাউচ অৱ লৰ্ডছৰ সহকৰ্মীসকলৰ সৈতে জলবায়ু নীতিৰ খচৰা প্ৰস্তুত কৰাতো কাম কৰিছে ।

Rising Sun Water Fest 2022: জলক্রীড়াৰ প্ৰচাৰত অসম-মেঘালয় চৰকাৰে একেলগে কাম কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

বিগত ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘ৰাইজিং ছান ৱাটাৰফেষ্ট-২০২২’ৰ (Rising Sun Water Fest 2022) সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট’ৰ দৰে জলক্ৰীড়া উৎসৱে ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ জলক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়াবিদক আকর্ষণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Sankardev Sangha controversy: সাংবাদিকক অপদস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ !

পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘ (Sankardev Sangha contreversy at Sapekhati) ৷ শনিবাৰে সাপেখাতীত অনুষ্ঠিত হোৱা সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত এইবাৰ সাংবাদিকক অপদস্ত কৰাৰ ঘটনা সংঘটিত হৈছে ৷ সংবাদকৰ্মীক অৱজ্ঞাসূচক আচৰণ কৰাৰ চৰম অভিযোগ উত্থাপিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যৰ বিৰুদ্ধে ৷

UGC Department of GU: বন্ধ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউ জি চিৰ আঞ্চলিক কাৰ্যালয়

অচিৰেই বন্ধ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) আঞ্চলিক কাৰ্যালয় (UGC Department will be close)।

Bhupen Hazarika Cultural Co-ordination Award: নৃত্যাচাৰ্য যতীন গোস্বামীক ভূপেন হাজৰিকা সাংস্কৃতিক সমন্বয় বঁটা প্ৰদান

নলবাৰী নাট্যমন্দিৰত সাংস্কৃতিক মহাসভাৰ বিশেষ অনুষ্ঠান । উক্ত অনুষ্ঠানতে নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা হয় ভূপেন হাজৰিকা সাংস্কৃতিক সমন্বয় বঁটা(Bhupen Hazarika Cultural Co-ordination Award) । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Kayakuchi College Students Union Election: নিৰ্বাচন বাতিলৰ প্ৰতিবাদ অব্যাহত কয়াকুছি মহাবিদ্যালয়ত

কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ(Protest in Kayakuchi College) ৷ সৰুক্ষেত্ৰীৰ বিধায়কলৈ অভিযোগৰ আঙুলি প্ৰতিবাদী ছাত্ৰৰ ৷ অধ্যক্ষৰ কোঠাত ওলমি আছে তলা ৷

ABOUT THE AUTHOR

...view details