অসমত কংগ্ৰেছ হাৰিল কিয় : অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা !
অসমত কংগ্ৰেছ হাৰিল কিয় ? পোন্ধৰ বছৰে একেৰাহে শাসন চলোৱা দলটো ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে কিয় অসমত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ'ল ? এই গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি এখন প্ৰতিবেদন দাখিল কৰিবলৈ এআইচিচি(AICC) য়ে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰিছে প্ৰতিবেদন ।
নীপকোৱে এৰি দিয়া পানীয়ে জল প্ৰলয় মাতিছে লখিমপুৰত
নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ 4 নং গেট খুলি দিয়া পাচতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰঙানদী বাঢ়নী পানীয়ে ৷ ইতিমধ্যে লখিমপুৰ জিলাৰ 10 খনতকৈ অধিক গাঁও জলবন্দী হৈছে ৷
নাওবৈচাত অপৰিৱৰ্তিত শিঙৰা নৈৰ বান পৰিস্থিতি
বানাক্ৰান্ত অঞ্চলটোৰ ক্ৰমান্বয়ে বান পৰিস্থিতি অধিক জটিল হৈ পৰা গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২ নং গেলাহাটী আৰু চেঙেলীজান গাঁৱৰ তিনি শতাধিক পৰিয়ালে জীৱন ধাৰণৰ বাবে অন্ন বস্ত্ৰ আৰু বিগত পাঁচ দিনে বাসগৃহ ডুব গৈ থকাত জীৱন যাত্ৰা ব্যাহত হৈ ওখ ঠাইত গৰু ছাগলীৰে সহাৱস্থান কৰিব লগীয়া হৈছে ।
নামঘৰৰ প্ৰসাদত প্লাষ্টিকৰ মগুমাহ !
প্লাষ্টিকৰ কণী,চাউল আৰু বন্ধাকবিৰ পাছত এইবাৰ বজাৰত প্লাষ্টিকৰ মগুমাহ ৷ কামপুৰ বৰহোলাৰ বামুনীয়া নামঘৰত অনুস্থিত বছৰেকীয়া নাম-কীৰ্তনৰ বাবে কামপুৰৰ এখন দোকানৰ পৰা ভকতে ক্ৰয় কৰিছিল মগুমাহ ৷ ৰাতি মগুমাহখিনি তিয়াই থোৱাৰ পাচত ভকতে মগুখিনি ধুবলৈ লওঁতে প্ৰত্যক্ষ কৰিছিল প্লাষ্টিক সদৃশ মগু । তাৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ ৷
বৰপেটাত আৰক্ষীৰ বেহু ফালি পলাল ড্ৰাগছ ব্যৱসায়ী
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ দেওবাৰেও বাবুল আহমেদ নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ অভিযানত নামিল বৰপেটা আৰক্ষী ৷ এই অভিযানকালত আৰক্ষীৰ বেহু ফালি পলাবলৈ সক্ষম হোৱা বাবুল আহমেদৰ সৈতে গুলীয়াগুলিৰ ঘটনাও সংঘটিত হয় ৷