ৰাজ্যজুৰি পালন শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি
শ্ৰীশ্ৰী মাধৱদেৱৰ 424 সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভকত-বৈষ্ণৱৰ গুনানুকীৰ্তন ৷ গুৰু-শিষ্যৰ সম্বন্ধক এক নতুন মাত্রা প্রদান কৰি অনাদি কাললৈ খ্যাতি ৰাখি যোৱা মহাপুৰুষজনাক স্মৰণ কৰি ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন ৷
নলবাৰীৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে 40 কিল'গ্ৰাম ওজনৰ দুখনকৈ কিতাপ
প্ৰৱল ইচ্ছা শক্তিৰ দ্বাৰা মানুহে অসাধ্যও সাধন কৰিব পাৰে ৷ এইকথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে নলবাৰীৰ বৰকুৰিহা গাওঁৰ এগৰাকী ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱকে ৷ যুৱক জনে বিভিন্ন কাকতত প্ৰকাশ পোৱা বাতৰি সংগ্ৰহ কৰি প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় 40 কিল'গ্ৰাম ওজনৰ দুখনকৈ কিতাপ ৷
ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰিং বান্ধ
ব্ৰহ্মপুত্ৰৰ বানে এটা সুঁতিৰ সৃষ্টি কৰাত অঞ্চলটোৰ 1 নং আলিমুৰ, 2 নং আলিমুৰ ৰূপহীমুখকে ধৰি কেইবাখন গাঁৱৰ ৰাইজৰ ব্যাহত হৈ পৰিছে যাতায়ত ৷
জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ । চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
ব্যক্তিগতকৰণ নহয় অসম ৰাজ্যিক চিৰিয়াখানা
ব্যক্তিগতকৰণ কৰা হোৱা নাই অসম ৰাজ্যিক চিৰিয়াখানা ৷ এই কথা স্পষ্ট কৰিলে চিৰিয়াখানাখনৰ বন বিষয়া তেজশ্ব মৰিশ্বামীয়ে ৷