অসমৰ নিৰ্বাচনী প্ৰচাৰৰ মূল আকৰ্ষণ বহিৰাজ্যৰ ষ্টাৰ কেম্পেইনাৰ...
ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । অসমত বহিৰাজ্যৰ ষ্টাৰ কেম্পেইনাৰসকলে সঘনে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত বিনোদ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল বহিৰাজ্যৰ ষ্টাৰ কেম্পেইনাৰ নিৰঞ্জন তিৱাৰী ৷
শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন নিতুল গগৈৰ
শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাঁৱত শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন হ’ল সেনা জোৱান নিতুল গগৈৰ ৷ যোৱা 13 মাৰ্চত লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কৰ্মৰত অৱস্থাতে উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে নিহত হৈছিল সেনা জোৱান গৰাকী ৷
মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ
যোৰহাট বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে গোস্বামীয়ে ৷
বিশ্বমানৰ হিচাপে গঢ়ি তোলা হ’ব বিহাৰৰ পাঁচটা ৰে’ল ষ্টেচন
ধৰ্মীয় আৰু পৰ্যটন দুয়োটা দিশতেই বিশেষ গুৰুত্ব আছে গয়াৰ ৷ ইয়াৰ প্ৰতি দৃষ্টি ৰাখি এই ৰে’ল ষ্টেচন কেইটাৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ লগতে ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল, মুজাফৰপুৰ আৰু বেগুচৰাই ষ্টেচনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত যাত্ৰীসকলে ষ্টেচনকেইটাত বিমানবন্দৰৰ দৰে বিশ্বমানৰ সুবিধা লাভ কৰিব ।
18 মাৰ্চত কৰিমগঞ্জৰ জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে
দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ 18 মাৰ্চত কৰিমগঞ্জত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ পোন প্ৰথমবাৰৰ বাবে জিলাখনত অনুষ্ঠিত হ’ব মোডীৰ জনসভা ৷ প্ৰধানমন্ত্ৰী মোডীৰ জনসভা উপলক্ষে কৰিমগঞ্জৰ বাইপাছ সংলগ্ন ভাটগ্ৰাম এলেকাৰ খেতি পথাৰত মঞ্চ নিৰ্মাণৰ সমান্তৰালকৈ নতুন পথ আৰু অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে ।