অসম

assam

ETV Bharat / state

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 AT 3 PM

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি
দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Mar 8, 2021, 3:05 PM IST

অসম জাতীয় পৰিষদত যোগদান কৰিয়েই কোনে পালে দলীয় টিকট ?

কেইদিন মানৰ আগলৈকে ৰাইজৰ দলৰ বাবে দেহে-কেহে খাটি থকা ৰূপহীহাটৰ খ্যাতনামা চিকিৎসক ডা৹ ছফিকুল ইছলামে দুদিন পূৰ্বে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰিয়েই যোগদান কৰিলে অসম জাতীয় পৰিষদত । যোগদান কৰাৰ এঘণ্টাৰ ভিতৰতে কেনেকৈ লাভ কৰিলে দলীয় টিকট ?

কলিয়াবৰত নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ

আন আন সমষ্টিসমূহৰ দৰে কলিয়াবৰ সমষ্টিটো নিৰ্বাচনী ৰণলৈ সাজু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ৷ প্ৰশান্ত কুমাৰ শইকীয়াক টিকট প্ৰদানৰ পাচতে উৎফুল্লিত হৈ পৰিছে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী সকল ৷ দেওবাৰে নিশা নিজ সমষ্টিত উপস্থিত হোৱাৰ লগে লগে প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনাই শুভাকাংক্ষীসকলে ৷

বিৰোধীৰ প্ৰতিবাদেৰে স্তব্ধ ৰাজ্যসভাৰ মজিয়া

বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনাই উত্তাল ৰাজ্যসভা । ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ সৰৱ বিৰোধী ৷ এই বিষয়ত আলোচনাৰ দাবী কংগ্ৰেছ সাংসদসকলৰ ৷ 11 বজালৈকে স্থগিত ৰখা হৈছে ৰাজ্যসভা ।

বিজেপিক প্ৰতিহত কৰিবলৈ টঙালি বান্ধিছে কংগ্ৰেছে

সাতটাকৈ ৰাজনৈতিক দল লগ হৈ গঠন কৰা মিত্ৰজোঁট সাজু হৈছে বিজেপিক প্ৰতিহত কৰিবলৈ ৷ শাসকীয় দল বিজেপিক ওফৰাই পেলাবলৈ টঙালি বান্ধিছে মিত্ৰজোঁটে ৷ ৰঙিয়াৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক কটাক্ষ কৰে মিত্ৰজোঁটৰ দুই নেতাই ৷

আমাক হাতী নালাগে !

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ জানিব পৰা মতে, বিজেপিয়ে মিত্ৰদল অগপক সমষ্টিটো এৰি দিয়াক কেন্দ্ৰ কৰিয়েই বিজেপি নেতা-কৰ্মীসকল ক্ষুণ্ণ হৈ পৰিছে ৷ যাৰ বাবে সোমবাৰে পুৱা প্ৰতিবাদত উত্তাল হৈ পৰে গুৱাহাটীৰ লালগণেশ ৷

মহিলাই বিনিয়োগ পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা

বিনিয়োগ মহিলাসকলৰ বাবে অতি প্ৰয়োজন । পূৰ্বতে কৰা বিনিয়োগে বিপদৰ সময়ত আৰ্থিক ক্ষেত্ৰত বহুখিনি সকাহ দিয়ে । উপাৰ্জন কৰাৰ সমান্তৰালকৈ বিনিয়োগৰ ক্ষেত্ৰতো সু-পৰিকল্পনা কৰাতো জৰুৰী । পেছাগত বিৰতিৰ সময়তো আৰ্থিক দিশটো সবল কৰি ৰখাত বিনিয়োগ সহায়ক হিচাপে পৰিগণিত হয় ।

ক’ভিড 19 ৰ পৃথিৱীত সম অৱদান আগবঢ়োৱা নাৰীসকলৰ প্ৰতি আমি কৃতজ্ঞ

আজি 8 মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস ৷ এইবেলি ৰাষ্ট্ৰসংঘই নাৰী দিৱসৰ বিষয়বস্তু হিচাপে ঘোষণা কৰিছে ‘নেতৃত্বত নাৰী: ক’ভিড 19 ৰ পৃথিৱীত সমান ভৱিষ্যত অৰ্জন’ ৷ এই চেগতে আমি ইটিভি ভাৰতৰ সুখীভৱৰ সৈতে বিগত প্ৰায় এটা বছৰে জড়িত হৈ থকা মহিলা চিকিৎসকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলা কৰ্মচাৰীক ছুটি প্ৰদান

আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ এই দিৱস উপলক্ষে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীসকলক ছুটি প্ৰদান কৰিছে তেলেংগানা চৰকাৰে ৷

হিমাচলত উদ্বোধন ৩৪ কোটি টকীয়া প্ৰকল্প

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে দেওবাৰে চ’লানত ৩৪ কোটি টকাৰ এক প্ৰকল্প উদ্বোধন কৰে ৷ থোডো খেলপথাৰত অনুষ্ঠিত আনন্দন সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে ষ্টেডিয়ামকে ধৰি কেইবাটাও প্ৰকল্পৰ ঘোষণা কৰে ৷

নাৰী দিৱস বিশেষ: নাছাত ভাৰতীয় মহিলাৰ গৌৰৱোজ্জল ইতিহাস

বিশ্বৰ মহাকাশ সংস্থাসমূহৰ ভিতৰত অন্যতম হৈছে নাছা ৷ চন্দ্ৰত অৱতৰণ, মংগল গ্ৰহত জীৱৰ উৎসৰ সন্ধান আৰু মহাকাশৰ ঐতিহাসিক স্থানৰ প্ৰাপ্তিলৈকে সকলো ক্ষেত্ৰতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে নাৰী ৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আহকচোন কিছু জানি লওঁ মহাকাশ বিজ্ঞানৰ সৈতে জড়িত হৈ সাফল্য লাভ কৰা ভাৰতীয় মহিলাৰ জীৱন আৰু সাফল্যৰ কথা

ABOUT THE AUTHOR

...view details