অসম

assam

ETV Bharat / state

শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ - গুৱাহাটী

টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণ অসমত মাওবাদীৰ বাবে এক ডাঙৰ বিফলতা বুলি গণ্য কৰা হৈছে । ওৰাঙৰ আত্মসমৰ্পণৰ পাছত সংগঠনটো এক প্ৰকাৰৰ নেতাহীন হৈ পৰিব ৷

Top Maoist Leader Tingraj Orang Surrenders In Guwahati
শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ

By

Published : Sep 29, 2021, 8:48 AM IST

গুৱাহাটী, 29 ছেপ্টেম্বৰ : উগ্ৰপন্থী সংগঠন চি পি আই মাওইষ্টৰ জ্যেষ্ঠ নেতা টিংৰাজ ওৰাঙে মঙলবাৰে আত্মসমৰ্পণ কৰে । অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথৰ ওচৰত আত্মসমৰ্পণ কৰে চি পি আই মাওইষ্টৰ নেতাগৰাকীয়ে ৷ টিংৰাজ ওৰাং সংগঠনটোৰ অসম ৰাজ্যিকৰ সাংগঠনিক কমিটীৰ আহ্বায়কৰ দায়িত্বত আছিল ।

শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদী সংগঠনৰ সদস্যক হিংসা আৰু উগ্ৰপন্থা ত্যাগ কৰি মূলসূঁতিলৈ উভতি আহিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই টিংৰাজ ওৰাং ওৰফে কমল মুণ্ডাই ভাৰতীয় সংবিধানৰ প্ৰতি আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি আত্মসমৰ্পণ কৰে । টিংৰাজ ওৰাঙে বামপন্থী সংগঠন এছ এফ আই আৰু চি পি আই (এম)ত যোগদান কৰি 1989 চনৰ পৰা 1999 চনলৈ সদস্য হিচাপে কাম কৰিছিল ।

টিংৰাজ ওৰাঙে আদিবাসী চাহ জনগোষ্ঠী সুৰক্ষা সমিতিৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল । ইষ্টাৰ্ণ ৰিজিঅ’নেল বিউৰ'ৰ কিষাণ দাৰ সহযোগত চি পি আই (মাওইষ্ট) উগ্ৰপন্থী সংগঠনত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল । আত্মসমৰ্পণ কৰা টিংৰাজে অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত মাওবাদীৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ।

লগতে পঢ়কঃশীঘ্ৰেই যৱনিকা পৰিব বহু দশক জোৰা নগা বিদ্ৰোহৰ !

ABOUT THE AUTHOR

...view details