অসম

assam

By

Published : Jun 11, 2020, 9:05 AM IST

ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া

বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া । বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেৰে এই কথা ঘোষণা কৰে অইল ইণ্ডিয়া লিমিটেডে ।

বাঘজানৰ অগ্নিকাণ্ডৰ অন্তৰ্নিহিত কাৰণ আছেঃ প্ৰাক্তন বিধায়ক ৰাজু চাহু


বাঘজান তৈলখাদৰ ভয়ংকৰ অগ্নিকাণ্ডৰ এক অন্তৰ্নিহিত কাৰণ আৰু ৰহস্য আছে । বিগত 14-15 দিনে ভয়ানকভাৱে খাদটোৰ পৰা গেছ নিৰ্গমন হৈ থকা স্বত্বেও বিষয়টোৰ প্ৰতি অইল ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰে কিয় গুৰুত্ব দিয়া নাছিল সেয়া ডাঙৰ প্ৰশ্ন ।

অসম তৈল খাদ অগ্নিকাণ্ড : গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

অসম তৈল খাদ অগ্নিকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ৷ OIL India, কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই আবেদন ৷

অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়াৰ চৰম হেমাহীৰ বাবে সংঘটিত হ'ল বাঘজানৰ ঘটনা : লুৰিণজ্যোতি গগৈ

"কেৱল সম্পদৰ ওপৰত কেৱল চকু দিলে নহ'ব, সম্পদ আহৰণ কৰিবলৈ যাওঁতে ঘটা দুৰ্যোগৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লাগিব ।" - বাঘজানৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ড সন্দৰ্ভত এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ ৷

অবহেলিত হৈ ৰ'ল খাদ্য আন্দোলনৰ শ্বহীদৰ পৰিয়াল

আজিও ত্যাগৰ মূল্য নাপালে মৰিগাঁৱৰ শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াৰ পৰিয়ালে ৷ মৰিগাঁৱত ধৰ্মঘটত বহিল শ্বহীদ পৰিয়াল ৷

অসমত পুনৰ চিনাক্ত 193 গৰাকী ক'ভিড-19 আক্ৰান্ত

শেহতীয়াকৈ ৰাজ্যত ধৰা পৰিছে 193 গৰাকী ক'ভিড-19 আক্ৰান্ত ব্যক্তি ৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত চিনাক্ত হৈছে মুঠ 235 গৰাকী আক্ৰান্ত ৷

খাদ্যৰ অভাৱত বাঘজানৰ আশ্ৰয় শিবিৰত থকা লোকৰ মাজত হাহাকাৰ

আশ্ৰয় শিবিৰৰ পৰিষ্কাৰ পৰিছন্নতাৰ দিশটোত কোনো ধৰণৰ গুৰুত্ব নিদিয়া তথা পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰীৰ লগতে,শিবিৰত থকা কণ-কণ শিশুৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান নধৰাত অইল ইণ্ডিয়া লিমিটেডৰ লগতে প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা ৷

বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ

যোৱা ১৪ দিনে তিনিচুকীয়া জিলাৰ বাঘজানস্থিত তৈলখাদত জুই নুমুৱাবলৈ ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি এই অগ্নিকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা বাৰ্তা

কোভিড-19 ৰ পৰৱৰ্তী সময়ত দুয়োখন দেশে কেনেদৰে যৌথ ভাৱে আগুৱাব সেই সন্দৰ্ভত আলোচনা কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াহু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

ইডিৰ হাতত লাগিল নীৰৱ মোডী-মেহুল চৌকচিৰ 1350 কোটি মূল্যৰ হীৰা-মুকুতা

ইডিয়ে হঙকঙৰ পৰা ওভতাই আনিছে নীৰৱ মোডী আৰু ৰাহুল চৌকচিৰ ফাৰ্মৰ 23000 কিলোগ্ৰাম হীৰা-মকুতা, যাৰ মূল্য 1350 কোটি টকা ৷ 2018 বৰ্ষৰ পহিলা ভাগতে ডুবাইৰ পৰা এই মূল্যবান সম্পত্তিখিনি ডুবাইৰ পৰা হঙকঙলৈ স্থানান্তৰ কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details