চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ
নিয়া(NIA)ৰ বিশেষ আদালতত হোৱা আজিৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈক দোষমুক্ত কৰিলে আদালতে। চাবুৱাৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হলেও ন্যায়িক জিন্মাতেই থাকিব লাগিব। চানমাৰি থানাৰ নিয়াৰ গোচৰটোত এতিয়াও জামিন পোৱা নাই অখিল গগৈয়ে। দুই-এদিনতে এই গোচৰৰ শুনানি হ'ব।
গাঞ্জা বেপাৰীৰ ৰূপত মন্দিৰৰ পূজাৰী !
ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ নিচা জাতীয় সামগ্ৰীৰ বিৰোধী অভিযান ৷ শেহতীয়াকৈ আৰক্ষীৰ অভিযানত ৰাজ্যৰ প্ৰতিখন জিলাৰে বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰাকে ধৰি কৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে সোমবাৰে নিশা ধিঙৰ এটা মন্দিৰৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ গাঞ্জা ব্যৱসায়ত জড়িত হৈছে মন্দিৰৰ পুজাৰী ৷
কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প
ক'ভিড ১৯(Covid-19) ৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা জটিল পৰিস্থিতিত জুৰুলা অসমৰ ক্ষুদ্ৰ উদ্যোগ। চৰকাৰে জাৰি কৰা আংশিক ল'ক ডাউনে কৰ'ণা সংক্ৰমণ হ্ৰাস কৰিছে যদিও আৰ্থিকভাৱে কোঙা কৰিছে বহু পৰিয়ালক । বিগত বছৰৰ পৰা কৰ'ণা সংক্ৰমণ ৰুধিবলৈ চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ ফলত লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগ সমূহ। বহু উদ্যোগৰ লগতে অসমীয়া লোক-সংস্কৃতিৰ পৰিচয় বহন কৰা কাঁহ শিল্পলৈয়ো কৰ'ণাই নমাই আনিছে অশনি সংকেত ৷
কৰ্তব্যত দেখুওৱা সততাৰ বাবে গৃহৰক্ষী জোৱানক ১ লাখৰ পুৰস্কাৰ DGPৰ
কাৰ্বি আংলঙৰ ডিলাইত কৰ্তব্যৰত গৃহৰক্ষী জোৱান বৰচিং বে'ৰ সততাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে ১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিলে । গৃহৰক্ষী জোৱানজনৰ সততাৰ বাবে প্ৰায় ১২ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী ।
গণ প্ৰহাৰত যুৱকৰ মৃত্যু: উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মানিক সৰকাৰৰ
ত্ৰিপুৰাৰ খোৱাই জিলাত 20 জুন তাৰিখে গণ প্ৰহাৰ(Mob lynching) ত তিনি যুৱকৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ(Manik Sarkar) ৰ ৷ গৰু চুৰিৰ সন্দেহত উত্তেজিত জনতাৰ প্ৰহাৰত তিনি যুৱকৰ মৃত্যুৰ ঘটনাই দেশ জুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷