অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান !
লাকুৱাৰ অ’ এন জি চিৰ অপহৰণ কাণ্ডৰ সন্দৰ্ভত এতিয়া ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ প্ৰথমে বিপ্লৱজ্যোতি-বিৰাজ আৰু এতিয়া সকলোকে আচৰিত কৰি এই অপহৰণৰ লগত সাঙেৰ খাই পৰিছে অসম আৰক্ষীৰ জোৱানৰ ৷ কিয়নো লাকুৱাৰ অপহৰণৰ ঘটনাত অসম আৰক্ষীৰ তিনি জোৱান জড়িত থকাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে ৷
মহামাৰীৰ গ্ৰাসত হেৰাই যাব নেকি ভ্ৰাম্যমাণ থিয়েটাৰ ?
কোন দিশে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ । নৃত্য,গীত, হাঁহি,কান্দোন, ৰোমাঞ্চেৰে দৰ্শকৰ মন জয় কৰা নাট্যদলসমূহ ইতিহাস হ’ব নেকি ? অসমৰ সৰ্ববৃহৎ সাংস্কৃতিক উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া অনিশ্চয়তাৰ দিশত । মহামাৰী কৰ’ণাৰ মহা প্ৰলয়ত উটি-ভাহি যোৱাৰ উপক্ৰম হৈছে সাতাম পুৰুষীয়া নাট্যদলসমূহ ।
মাওবাদী আক্ৰমণ : ছুকমাৰ ৰাজপথত জ্বলিল ৭ খন বাহন
ছত্তিশগড়ৰ ছুকমা জিলাত পুনৰ মাওবাদীয়ে সংঘটিত কৰিলে হিংসাত্মক ঘটনা । দেওবাৰে মাওবাদীৰ এটা দলে ৰাজপথতে জ্বলাই দিলে ৭ খনকৈ বাহন । ছুকমাৰ আৰক্ষী অধীক্ষক এল ধ্ৰুৱই জনোৱা মতে, ভাৰত বন্ধ আহ্বান জনোৱাৰ এদিন পূৰ্বে ছুকমাৰ এৰাব'ৰেত এই ঘটনা সংঘটিত হয় । এই আক্ৰমণত বাহনকেইখনৰ চালক আহত হোৱা নাই বুলি জানিবলৈ দিছে আৰক্ষীয়ে
ক’ভিড-১৯ সন্দৰ্ভত বিৰোধীৰ সদিচ্ছা নাই: সৰ্বানন্দ সোণোৱাল
বিৰোধীৰ কোনো সদিচ্ছা নাই যে ক’ভিড -১৯ মহামাৰীৰ সময়ত জন সাধাৰণৰ মাজত সোমাই কি দৰে সজাগতা সৃষ্টি কৰিব লাগে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচনী আয়োগৰ পৰামৰ্শ মতে, প্ৰশাসনে প্ৰতি জিলাত ক’ভিড-১৯ ৰ পৰিস্থিতিৰ বুজ লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
হোজাইত চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
হোজাইত সংঘটিত হৈছে এক অঘটন ৷ নিজ বাসগৃহতে চীপ লৈ থকা অৱস্থাত সোমবাৰে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ যুৱকজন পূৱ ধনীৰাম পথাৰৰ বাবলু দাস বুলি জানিব পৰা গৈছে ৷