অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ - Top 10 News 9 A.M

9 বজাৰ শীৰ্ষ দহটা খবৰ

Top 10 News 9 A.M
9 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Nov 15, 2020, 9:08 AM IST

Updated : Nov 15, 2020, 10:52 AM IST

জালুকবাৰীত দাউদাউকৈ জ্বলিল পথৰ দাঁতিত ৰখাই থোৱা বাহন

ৰাজ্যবাসীয়ে দীপাৱলী উদযাপন কৰাৰ সময়তে মহানগৰৰীৰ জালুকবাৰীত শনিবাৰৰ নিশা এক অঘটন সংঘটিত হয় ৷ পথৰ দাঁতিত ৰখাই থোৱা এখন টাটা মেজিক দাওদাওকৈ জ্বলি উঠাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ কিন্তু সৌভাগ্যক্ৰমে উক্ত অঘটনত কোনো লোক হতাহতি হোৱা নাই ৷

নগাঁৱত পথ দুৰ্ঘটনাত থিতাহে নিহত বাইক আৰোহী

নগাঁও জিলাৰ জুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ নিহত লোকজনৰ নাম আব্দুল হান্নান বুলি জানিব পৰা গৈছে ৷

মাৰ্ঘেৰিটাৰ ব্ৰহ্মাজানত বিজেপিৰ সংবাদমেল

মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ ব্ৰহ্মাজানত বুঢ়ীদিহিং মণ্ডল বিজেপিৰ সভাপতি ভদেশ্বৰ মৰাণৰ সংবাদমেল । মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সমষ্টি উন্নয়ন নোহোৱাৰ যি অভিযোগ উত্থাপন হৈছিল তাৰ উত্তৰ দিবলৈ এই সংবাদমেলৰ আয়োজন কৰা হয় ৷

পৰাগ ভূঞা হত্যাকাণ্ড : দীপাৱলীৰ দিনাই বৰাক ভেলী ইলেক্ট্ৰ’নিকছ মিডিয়া এচ’ছিয়েশ্যনৰ প্ৰতিবাদ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনকভাৱে সংঘটিত হোৱা পথ দূৰ্ঘটনাৰ বিৰুদ্ধে শনিবাৰে শিলচৰৰ ক্ষুদিৰাম মূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ভেলী ইলেক্ট্ৰ’নিকছ মিডিয়া এচ’ছিয়েশ্যনে ৷

ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

উত্তৰ ধেমাজি লাইপুলীয়াত ভয়ংকৰ অগ্নিকাণ্ড ৷ পোহৰৰ উৎসৱৰ মাজতেই এই অঘটন ৷ ঘৰত কোনো লোক নথকা অৱস্থাত জ্বলি উঠে এই জুই ৷ বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷

বঙাইগাঁৱত 5 হাজাৰ মাটিৰ চাকিৰে দীপাৱলী উদযাপন

বঙাইগাঁও জিলাৰ অভয়াপুৰীত ব্যতিক্ৰমীভাৱে দীপাৱলী উদযাপন কৰা হয় । চীনা সামগ্ৰী বৰ্জনেৰে 5 হাজাৰৰ অধিক মাটিৰ চাকি জ্বলোৱা হয় ৷

দীপাৱলীৰ শুভক্ষণত মংগলদৈত ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন

মঙলদৈত ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন বিশ্ব হিন্দু পৰিষদ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷ প্ৰতিযোগিতাত মুঠ 50 টা দলে যোগদান কৰি 4000 টা মাটিৰ চাকিৰে আলোকিত কৰে সমগ্ৰ মংগলদৈ চহৰ ৷

ধৰ্ষণকাৰীৰ গ্ৰেপ্তাৰৰ বাবে নিজ কন্যাক ব্যৱহাৰ আৰক্ষী বিষয়াৰ

ধৰ্ষণকাৰীৰ গ্ৰেপ্তাৰৰ উদ্দেশ্যে নিজ কণ্যাক টোপ হিচাপে ব্যৱহাৰ ব্যৱহাৰ এগৰাকী পাকিস্তানী আৰক্ষী বিষয়াৰ ৷ এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ সিন্ধৰ কাশ্মোৰত ৷

শক্তি বিভাগৰ আজৱ কাণ্ড : এটা বাল্ব জ্বলোৱাৰ বিনিময়ত হাজাৰ হাজাৰ বিল

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকুল পঞ্চায়তৰ নিৱাসী এটি জৰাজীৰ্ণ টিনৰ চালিৰ তলত বাস কৰা ছালেহা বেগমৰ ঘৰত মাত্ৰ এটাই বিদ্যুৎ সংযোগী বাল্ব ৷ এটা বাল্ব লগোৱাৰ পাচতো প্ৰতিমাহে আহে হাজাৰ হাজাৰ টকাৰ বিদ্যুতৰ বিল । শক্তি বিভাগৰ এনে কাৰ্যৰ বিৰুদ্ধে ছালেহাই বিভাগীয় বিষয়াক বহু বাৰ অভিযোগ দিছে যদিও কোনো উত্তৰ পোৱা নাই ছালেমাই ৷

প্ৰতিঘণ্টাত প্ৰায় 20 কিল'মিটাৰ চাইকেল চলোৱা এটি শিশু

শনিবাৰে নলবাৰী জিলাৰ বিষ্টুপুৰস্থিত সৃষ্টি জাতীয় বিদ্যালয়ত উদযাপন কৰা শিশু দিৱসত উত্তৰ বৰশিৰালৰ অমন নাথক সম্বৰ্ধনা জনোৱা হয় ৷ অতি কম বয়সতে প্ৰতিঘণ্টাত 15-20 কিল'মিটাৰ চাইকেল চলাব পাৰে শিশু অমন নাথে ৷

Last Updated : Nov 15, 2020, 10:52 AM IST

ABOUT THE AUTHOR

...view details