কলিয়াবৰত মাছ ধৰা পৰ্বক লৈ পথ অৱৰোধ
কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ একাংশ স্থানীয় ৰাইজৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত মাছ ধৰিবলৈ যোৱা লোকক কৰ্তৃপক্ষই বাধা দিয়াৰ বাবে ৰাজপথত প্ৰতিবাদ সাব্যস্ত স্থানীয় লোকসকলৰ ৷
ধুবুৰীত বালি ছিণ্ডিকেটৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ
লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি বন বিষয়া কৰ্মচাৰীৰ লগত লগ হৈ ছিণ্ডিকেট চলাই যোৱাৰ বিৰুদ্ধে তৎপৰ হৈছে ধুবুৰী জিলা প্ৰশাসন ৷ এখন চালানেৰে 12 ৰ পৰা 14 বাৰকৈ বালি কঢ়িওৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে তদন্তৰ ঘোষণা কৰিছে উপায়ুক্ত গৰাকীয়ে ৷
খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সোমবাৰে নিশা ট্ৰাক-মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় কানহায়ালাল চৌহান নামৰ ব্যক্তিগৰাকী আৰু গুৰুতৰভাৱে আহত হয় ব্যক্তিগৰাকীৰ পত্নী-পুত্ৰ ৷
বৈশাগু পালন বাবে ব্যাপক প্ৰস্তুতি ছিফুং হাৰিমু আফাদৰ ডেকা-গাভৰু সকলৰ
ৰংজালি বৈশাগু পালনৰ বাবে সাজু হৈছে বড়ো জনগোষ্ঠীয় লোক সকল ৷ ৰংজালি বৈশাগু উপলক্ষে এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ‘ল চিৰাং জিলাৰ ৰৌমাৰী পথাৰত ৷
আমিনগাঁৱৰ মনসা মন্দিৰত চোৰৰ উপদ্ৰৱ
আমিনগাঁও ইষ্টকলনী মনসা মন্দিৰত চোৰৰ উপদ্ৰৱ । দুটাকৈ দানপাত্ৰৰ তলা ভাঙি চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু নগদ ধন । ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।