অসম

assam

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 9AM

9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি
9 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Mar 18, 2021, 9:13 AM IST

বিপিএফ দলৰ মহিলা কোষৰ সম্পাদিকাৰ অজাপত যোগদান

৩৩নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবাৰীত বুধবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান সভা। বিজনী জিলা সমিতিৰ সভাপতি খলিলুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিপিএফ দলৰ মহিলা কোষৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা দিফিৰী বালা ৰায়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত।

টিংখাঙৰ বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল

টিংখাঙৰ বিশাল নিৰ্বাচনী সভাত মুখ্য মন্ত্ৰী সোণোৱাল । বিমল বৰাক গামোচা পিন্ধাই বিজয়ৰ চিন দিলে মুখ্যমন্ত্ৰীয়ে । বদৰউদ্দিন আজমল আৰু কংগ্ৰেছ অসমৰ মহাশত্ৰু - সোণোৱাল ।

খং কমিল: দিছপুৰত নিৰ্বাচন নেখেলে জয়ন্ত দাসে

দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ নহয় বিজেপি নেতা তথা দলটোৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাস । বুধবাৰে সন্ধিয়া নিজা বাসভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি তেওঁৰ এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে বিজেপি নেতাগৰাকীয়ে । উল্লেখযোগ্য যে দিছপুৰ সমষ্টিত বিজেপিৰ শক্তিশালী দাবীদাৰৰূপে জয়ন্ত দাস অৱতীৰ্ণ হৈছিল যদিও দলে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অতুল বৰাকেই পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে । যাৰ ফলত ক্ষুব্ধ হৈ পৰে জয়ন্ত দাস ।

ডিমা হাছাও জিলাত পঞ্চায়ত ৰাজ প্ৰৱৰ্তন নহয়: দেৱলাল গাৰ্লচা

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ গেষ্ট হাউচত দেৱলাল গাৰ্লচাই এখন সংবাদমেল সম্বোধন কৰি কয়, কংগ্ৰেছে ডিমা হাছাও জিলাত বিজেপি দলে পঞ্চায়ত ৰাজ প্ৰৱৰ্তন কৰিব বুলি ভুৱা প্ৰচাৰ চলাই পাহাৰীয়া ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে ৷ কাৰণ পূৰ্বতে কেৱল কংগ্ৰেছ চৰকাৰেহে এই ক্ষেত্ৰত গুৰুত্ব দিছিল যদিও বিজেপিয়ে কোনো সিদ্ধান্ত লোৱা নাই ৷

গোৱালপাৰাত অগপ প্ৰাৰ্থী জ্যোতিষ দাসে দাখিল কৰিলে মনোনয়ন

বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে ৩৭ নং পূৱ গোৱালপাৰা বিধানসভা সমষ্টিৰ অগপ প্ৰাৰ্থীৰ জ্যোতিষ দাসে বুধবাৰে মনোনয়ন দাখিল কৰে ৷ গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ ৷

ধেমাজিত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান

ধেমাজিত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ প্ৰতিজন প্ৰাৰ্থীৰ বাকযুদ্ধ তুংগত উঠিছে ৷ সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ সভা ৷ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷

মঙলদৈত বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদযাত্ৰা

মঙলদৈ বিধানসভা সমষ্টিৰ বান্দিয়া ওন্দোলাঝাৰপথত প্ৰায় ১৩ কিলোমিটাৰ পথ হাজাৰ হাজাৰ সংখ্যালঘু বিজেপি কৰ্মী আৰু সমৰ্থকক লগত লৈ বুধবাৰে আবেলি পদযাত্ৰাৰে নিৰ্বাচনী ৰণশিঙা বজালে গুৰুজ্যোতি দাসে ৷

নলবাৰীত দুগৰাকীকৈ হাই প্ৰফাইল প্ৰাৰ্থীৰ মনোনয়ন দাখিল

বুধবাৰে বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰীৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই ৷ কংগ্ৰেছৰ লগত এতিয়া আজমলৰ হাত থকাৰ বাবে ৰাইজে কংগ্ৰেছক পৰিত্যাগ কৰিছে বুলি কংগ্ৰেছৰ মহাজোঁটবন্ধনক সমালোচনা কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে মোক ঘৰত বন্দী কৰিব বিচাৰিছিল: মমতা

ঝাড়গ্ৰাম জিলাৰ গোপিবল্লভপুৰত এক ৰাজহুৱা সভাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে আগতে চিপিআই (এম) য়ে তেওঁক আক্ৰমণ কৰিছিল আৰু এতিয়া বিজেপিয়ে একেটা কামকে কৰি আছে ।

জম্মু সীমান্তত বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

জম্মুৰ ছাম্বা জিলাৰ ৰামগড়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমা সুৰক্ষা বলৰ গুলীত এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ মৃত্যু হয় । লোকজনে পাকিস্তানৰ লেহৰি কালান গাঁৱৰ দিশৰ পৰা ৰামগড়ৰ জংঘলৰ দিশে আহি আছিল । সীমা সুৰক্ষা বলৰ সকীয়নিক আওকাণ কৰি আগবাঢ়ি আহি থকা বাবে সুৰক্ষা বাহিনীয়ে লোকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় ।

ABOUT THE AUTHOR

...view details