৫৮ টা ৱাৰ্ডত বিজয়ধ্বজ্জা উৰুৱাই মিত্ৰজোঁটে আজুৰিলে গুৱাহাটী পৌৰ নিগম
দেওবাৰে ঘোষণা কৰা হ’ল গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ফলাফল (GMC election result 2022)৷ মুঠ 60 টা ৱাৰ্ডৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি (বি জে পি) আৰু অসম গণ পৰিষদ (অ গ প)ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে 58 টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰে । ইয়াৰ ভিতৰত 6 টা ৱাৰ্ড ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে 52 টা ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ।
নিশাটোৰ বাবে ন্যায়িক জিন্মালৈ জিগনেশ মেৱানী: কেমেৰাৰ সমুখত দেখুৱালে পুষ্পাৰ ভংগিমা
কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশক ৷ আদালতে নিশাটোৰ বাবে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিলে জিগনেশক (Judicial custody for Jignesh mevani) ৷ পুষ্পাৰ মেই ঝুকেগা নেহী ভংগিমা প্ৰদৰ্শন জিগনেশৰ ৷
গুৱাহাটীবাসীৰ ভোটদানে আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে : মুখ্যমন্ত্ৰী
GMC নিৰ্বাচনত বিজেপি-মিত্ৰজোঁটে লাভ কৰা বৃহৎ বিজয়ৰ পিছতেই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ (CM reacts on GMC election 2022)৷ কংগ্ৰেছৰ ভোট বেংক কাঢ়ি নিলে আপ আৰু অসম জাতীয় পৰিষদে ৷ মুখ্যমন্ত্ৰীৰ গৰাকীয়ে কয় যে, গুৱাহাটীবাসীৰ ভোটদানে আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে । সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এনেদৰে ৷
পৌৰ নিৰ্বাচনত আপৰ উত্থান; ২৪ টা ৱাৰ্ডত দ্বিতীয়স্থানত আপ
দেওবাৰে ঘোষণা হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০২২ ৰ ফলাফল ৷ এইবাৰ পৌৰ নিৰ্বাচনত উত্থান হৈছে আপৰ ৷ পৌৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰ ৩৮ টা ৱাৰ্ডতে আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল । ইয়াৰে ২৪ টা ৱাৰ্ডত দ্বিতীয় স্থানত আপ (AAP ranks second in 24 wards) ৷
Mayor of GMC: কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ পৰৱৰ্তী পৌৰপতি ?
ঘোষিত হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ৷ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতে আগবাঢ়িছে পৌৰ নিগম গঠনৰ দিশে ৷ এনে সময়তে জল্পনা-কল্পনা আৰম্ভ হৈছে গুৱাহাটীৰ পৰৱৰ্তী পৌৰপতিক লৈ (Next mayor of Guwahati) ৷ উচ্চাৰিত হৈছে পূৰ্বৰ পৌৰপতিৰ লগতে আন দুই-একৰ নাম ৷