Rajya Sabha Election: ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী
ৰাজ্যসভাত খালী হবলগীয়া দ্বিতীয়খন আসন বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক এৰি দিলে আৰু ইউ পি পি এলেও এইখন আসনৰ বাবে ৰণগৌৰা নাৰ্জাৰীক শণিবাৰে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে (UPPL Nominates Rwngwra Narzary For Rajya Sabha Polls) । সবিশেষ জানো আহক ৷
কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত কিমান সফল সৰ্বানন্দ সোণোৱাল
পাঁচবছৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা পিছত ২০২১ চনত বিজেপিয়ে পুনৰ ৰাজ্যৰ শাসন ক্ষমতা দখলৰ পিছত সর্বানন্দ সােণােৱালে হেৰুৱাইছিল দায়িত্ব ৷ তাৰ পিছতে কেন্দ্ৰৰ বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱালক কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রীৰ দায়িত্ব দিয়ে। জানো আহক প্ৰায় এটা বছৰৰ কাৰ্যকালত মুখ্যমন্ত্ৰী হিচাপে কিমান সফল হৈছে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal as union minister) ৷
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ জয় নিশ্চিত: প্ৰদেশ কংগ্ৰেছ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গুৱাহাটীস্থ বাসগৃহত ৰিপুন বৰা (Ripun Bora meets Bhupen Bora)। উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু চীফ হুইপ ৱাজেদ আলী চৌধুৰী । ৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা ।
ULFA linkman arrested: সোণাৰিত আলফাৰ লিংকমেন আটক
বিগত কেইটামান দিনত আলফা স্বাধীনৰ কাৰ্যকলাপ অধিক সক্ৰিয় হৈ উঠাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে ৷ ইয়াৰ মাজতে সোণাৰিত আৰক্ষীয়ে আটক কৰে আলফাৰ দুজনকৈ লিংকমেন (ULFA I linkman arrested in Sonari)৷
Road accident at Kaliabor: স্বামী নিহত, পত্নীৰ অৱস্থা সংকটজনক
কলিয়াবৰৰ কুঠৰী ন-জানৰ সাতত্ৰিশ নম্বৰ ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Kaliabor)। শনিবাৰে নিশা সংঘটিত হয় পথ দূৰ্ঘটনাটো । ASD ২১C ১৭৯১ নম্বৰৰ নগাঁও অভিমুখী ট্ৰাকে বিপৰীতমুখী স্কুটীত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।