অসম

assam

By

Published : Aug 25, 2021, 9:05 AM IST

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 at 9 AM
9 বজাৰ দহটা শীৰ্ষ বাতৰি

Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

৩৮ টা মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান আৰু বেংকৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ চৰকাৰৰ ৷ নিম্ন মধ্যবিত্তৰ ঋণ মাফ কৰা হ'ব যদিও মাফ কৰা নহয় উচ্চ মধ্যবিত্তৰ ঋণ ৷

গ্ৰেপ্তাৰ হ’ল 100 কোটি ভূ-সম্পত্তিৰ গৰাকী ACS বিষয়া ছাইবাৰ ৰহমান

উপাৰ্জনৰ সৈতে সংগতিহীন সা-সম্পত্তিক আঙুলিয়াই দি মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ অনুসন্ধান শাখাই(Chief Minister’s Special Vigilance Cell) গ্ৰেপ্তাৰ কৰে ৰাজ্য চৰকাৰৰ উপ সচিব পৰ্যায়ৰ বিষয়া ACS ছাইবাৰ ৰহমানক(Saibar Rahman) ।

উপ-নিৰ্বাচন: সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে থাওৰাত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

সুশান্ত বৰগোহাঁইক বলিয়া হোৱা মখনা হাতী আখ্যা ভূপেন বৰাৰ ৷ APCC ৰ ভূপেন বৰাই কয়, আগন্তুক উপ-নিৰ্বাচনত থাওৰাবাসীয়ে সুশান্তক ট্ৰেংকুলাইজ কৰিব ।

জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছী বিধায়কৰ অংশ গ্ৰহণক সফলতাৰ চিন আখ্যা বিজেপিৰ

যোৰহাটত জন আশীৰ্বাদ যাত্ৰাৰ অনুষ্ঠানত তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা উপস্থিত থকা কাৰ্যক সফলতাৰ প্ৰমাণ বুলি উল্লেখ কৰিলে বিজেপি দলে ৷

পুনৰ মূল সুঁতিলৈ আহিল এম বাথাৰ NLFB ৰ কেডাৰ

মূল সুঁতিলৈ ঘূৰি আহিল ৬৭ নং এনএলএফবি(67 NLFB)ৰ কেডাৰ ৷ ইয়াৰ পূৰ্বে এম বাথা(M Batha) আৰু বকোৰ নেতৃত্বত ২৩ জনকৈ এনএলএফবি কেডাৰ মূল সুঁতিত চামিল হোৱাৰ অৰ্থে জংঘলৰ পৰা ওলাই আহিছিল ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক

মঙলবাৰে অসম ভ্ৰমণ কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

৩৪ গৰাকী অসম বিত্ত সেৱা বিষয়াক নিযুক্তিপত্ৰ বিতৰণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ

নৱনিযুক্ত বিষয়াসকলক ৰাইজৰ স্বার্থত স্বচ্ছ আৰু নিকাভাবে কাম কৰিবলৈ আহ্বান। বিত্ত বিভাগক তৃণমূল পর্যায়ৰ পৰা আৰু অধিক শক্তিশালী কৰাৰ স্বার্থত ৰাইজৰ সুবিধা হোৱাকৈ গঢ়িবলৈ বিত্ত বিভাগে ইতিমধ্যে আৰু ৪০ গৰাকী অসম বিত্ত সেৱা বিষয়া বাছনি কৰিবৰ বাবে অসম লোকসেৱা আয়োগক অনুৰোধ জনাইছে ।

অৰুণাচল এৰিব লাগিব নেকি চাকমা আৰু হাজং জনগোষ্ঠীয়ে ?

জনগোষ্ঠী পৰিচয়ৰ সংকটত পৰিছে অৰুণাচল প্ৰদেশত বসবাস কৰি অহা ছাকমা আৰু হাজং জনগোষ্ঠী৷ কিন্তু এই দুই জনগোষ্ঠীৰ পৰিচয় সংকটৰ সমস্যাৰ সমাধানৰ পক্ষত নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷

নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কৰা এক বিতৰ্কিত মন্তব্যৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ হৈছে কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য নাৰায়ণ ৰাণে(Union Minister Narayan Rane) ৷ সম্প্ৰতি, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাণেৰ এই গ্ৰেপ্তাৰ নীতি বিৰোধী বুলি মন্তব্য কৰিছে বহু বিজেপি নেতাই ৷

Happy Birthday ডেইজী শ্বাহ : ডোম্বিৱলীৰ পৰা বলীউডলৈ...

মাত্ৰ 10 বছৰ বয়সতেই মডেলিঙত খিলাপ দখল কৰা ডেইজী শ্বাহ এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী সুদক্ষ ডাঞ্চাৰ ৷ বলীউডত পদাৰ্পণৰ পূৰ্বে তেওঁ তিনিবছৰ কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যক এচিষ্ট কৰিছিল ৷

ABOUT THE AUTHOR

...view details