অসম

assam

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি - top 10 at 9 am

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

top 10 at 9 am
9 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jun 30, 2021, 9:05 AM IST

চিয়াং নদীত সন্ধানহীন অসমৰ তিনি যুৱক

অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ বিখ্যাত সংগম দলংখন উটি যোৱাৰ ফলতে সন্ধানহীন হৈছে অসমৰ তিনিজন যুৱক ৷ বৰ্তমানলৈকে উদ্ধাৰ হোৱা সন্ধানহীন হোৱা যুৱক কেইজন ৷

নগাৰ বেদখলৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী

অসম নাগালেণ্ড সীমান্ত অঞ্চলত বৃদ্ধি পোৱা নগাৰ দপদপনি ৰোধ কৰিবলৈ বিশেষ ভাৱে সক্ষম হৈছে অসম আৰক্ষী ৷ ইতিমধ্যেই দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অস্থায়ী শিবিৰ পাতিছে অসম আৰক্ষীয়ে ৷

হিমন্ত চৰকাৰৰ নতুন সমীকৰণ: হাগ্ৰামা হ'ব কেবিনেট মন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰত শীঘ্ৰেই কেবিনেট মন্ত্ৰী হোৱাৰ পথত হাগ্ৰামা মহিলাৰী ।‌‌ এক আজৱ ৰাজনৈতিক সমীকৰণে অসমবাসীক দিছপুৰৰ ক্ষমতাৰ ৰাজনীতিৰ নতুন সোৱাদ দিবলৈ ওলাইছে প্ৰাক্তন বিটিআৰ প্ৰধান(BTR chief) গৰাকীয়ে ৷

ক'ভিডত আক্ৰান্ত শিশুৰ বাবে আছুতীয়া চিকিৎসা সেৱা: স্বাস্থ্যমন্ত্ৰী

ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভিডিঅ' কনফাৰেন্স ৷ জিএমচিএইচত নিশা থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক । ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ এতিয়াও বিশেষ হ্ৰাস নোপোৱাত উদ্বিগ্ন স্বাস্থ্যমন্ত্রী ।

গৰু চুৰিৰ পিছত বাহনত অগ্নিসংযোগ বাংলাদেশী দূৰ্বৃত্তই

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত প্ৰায়ে সংঘটিত হয় গৰু চুৰিৰ ঘটনা ৷ শেহতীয়াকৈ সোমবাৰে নিশা সাফালা গাঁৱৰ দক্ষিণ নান্দিদ্ৰামত চোৰে গৰু চুৰ কৰিবলৈ আহি চুৰি কৰাৰ লগতে তিনিখনকৈ বাহনত অগ্নি সংযোগ কৰে ৷

অখিল গগৈক লৈ গভীৰ ষড়যন্ত্ৰৰ অভিযোগ ৰাইজৰ দলৰ নেতা ভাস্কোডি শইকীয়াৰ

অখিল গগৈৰ জনপ্রিয়তাত ভয় খাই চৰকাৰে নতুন ষড়যন্ত্র ৰচনা কৰিছে বুলি অভিযোগ তুলিছে ৰাইজৰ দলৰ শীৰ্ষ নেতা ভাস্কোডি শইকীয়াই ৷ উল্লেখ্য যে, অখিল গগৈক চাবুৱা থানাৰ গােচৰত 'নিয়া'ৰ আদালত দোষমুক্ত ঘােষণা কৰাৰ পাছতেই চানমাৰি থানাৰ গােচৰ সন্দৰ্ভত চার্জ ফ্রেম’ৰ শুনানিৰ শেষ মূহূৰ্তত মঙলবাৰে ‘নিয়া'ই অখিল গগৈৰ বিৰুদ্ধে এখন অতিৰিক্ত অভিযােগনামা দাখিল কৰিছে ।

কংগ্ৰেছৰ নেতাক ৰাজনৈতিক পৰ্যটক আখ্যা জেপি নাড্ডাৰ

ৰাজ্যিক বিজেপিৰ কাৰ্য নিৰ্বাহক সভাত দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি অংশগ্ৰহণ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ । সৰ্বানন্দ সোণোৱালে গঢ়া ভেটিক গতি দিছে হিমন্ত বিশ্ব শৰ্মাই । বিগত ৪২ দিনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰশংসনীয় কাম কৰিছে । এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ৷

সংকটৰ দিশে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য

সংকটৰ দিশে অগ্ৰসৰ মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য ৷ অভয়াৰণ্যৰ ভিতৰত চলিছে বন ধ্বংস কাৰ্য, অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত চোৰাং কাঠ ব্যৱসায়ীয়ে নিৰ্বিঘ্নে কাটিছে মূল্যবান গছ ৷ বন বিভাগৰ অভিযানত আটক হোৱা চোৰাং কাঠকটীয়াই দিলে বিস্ফোৰক স্বীকাৰোক্তি ৷

নাৰদা গোচৰ: কি হ’ব মমতা আৰু ঘটকৰ শপতনামা গ্ৰহণৰ বাবে কৰা আবেদনৰ শুনানি ?

কলকাতা উচ্চ ন্যায়ালয়ে মঙলবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যৰ আইন মন্ত্ৰী মোলয় ঘটকে নাৰদা কেলেংকাৰী গোচৰত তেওঁলোকৰ শপতনামা গ্ৰহণ কৰিবলৈ দাখিল কৰা আবেদনৰ ওপৰত দিয়া আদেশ ন্যায়ালয়ে ইতিমধ্যে সংৰক্ষিত(Reserves) কৰি ৰাখিছে ।

ভেকচিনৰ নামত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

প্ৰতিদিনে তিনি লাখ লোকক ভেকচিন দিয়া হ'ব বুলি ঘোষণা কৰা চৰকাৰখনে সোমবাৰে বাৰ হাজাৰ লোককহে ভেকচিন দিব পাৰিলে । ভেকচিল ল'বলৈ অহা লোকক লাঠীচালনা । মুখ্যমন্ত্ৰীয়ে প্ৰথমে স্বাস্থ্য খণ্ডৰ সঁচা উন্নয়ন সাধন কৰক আৰু নিজে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক । এই মন্তব্য বিৰোধী দল কংগ্ৰেছৰ ৷

ABOUT THE AUTHOR

...view details