অসম

assam

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 9 AM

9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
9 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jun 27, 2021, 9:12 AM IST

অসম আৰক্ষীৰ ১৯৩ গৰাকী আৰক্ষী বিষয়াক বদলি

অসম আৰক্ষী(Assam Police) ত বছৰৰ সৰ্ববৃহৎ ৰদবদল ৷ ৰাজ্যৰ প্ৰায় সকলো থানাৰে ভাৰপ্ৰাপ্ত বিষয়া সকলক সাল-সলনি কৰাৰ লগতে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা, চিআইডি(CID) আদিৰো বহু বিষয়াক ৰদবদল কৰা হৈছে ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৷

ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি আৰক্ষীৰ জালত চৰকাৰী বিষয়া

চৰকাৰী বদলিৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ নিজকে ক'ভিড পজিটিভ সজালে নগাঁৱৰ এগৰাকী কৃষি বিষয়াই ৷ চিকিৎসকৰ চহী জালিয়াতিৰে ঊৰ্ধতন কৰ্তৃপক্ষক ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল কৃষি বিষয়া প্ৰবীণ বৰুৱাই ৷

হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশতে পুনৰ আৰম্ভ হৈছে লোকসেৱা কেলেংকাৰীৰ তদন্ত । ফৰেনচিকৰ প্ৰতিবেদনকে প্ৰধান অস্ত্ৰ হিচাপে লৈ লোকসেৱাৰ নিযুক্তি কেলেংকাৰীৰ প্ৰধান তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰে বিশেষ ন্যায়াধিকৰণ আদালতত গোচৰটোৰ পুনৰ তদন্তৰ বাবে আবেদন জনাইছিল আৰু শুকুৰবাৰে আদালতে ইয়াৰ বাবে অনুমতি প্ৰদান কৰে ।

কাৰ ৰেচন কাৰ্ড ঘূৰাই লোৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্রীয়ে ?

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন সূচাৰুৰূপে ৰূপায়ণত গুৰুত্ব মুখ্যমন্ত্ৰীৰ । ৰেচন কাৰ্ডৰ গ্ৰাহকৰ সংখ্যা অনুসৰি সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ সংখ্যা নিয়মীয়া কৰাৰ নিৰ্দেশ ।

জনসংখ্যা নীতিৰ আধাৰতহে হিতাধিকাৰীয়ে পাব আঁচনিৰ সুবিধা

সোনকালে জনসংখ্যা নীতি(population policy) সন্দৰ্ভত কঠোৰ সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে ৷ দুটাতকৈ অধিক সন্তান থকা পৰিয়ালে নাপাব কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা । শনিবাৰে এই সম্পৰ্কত সৰৱ হয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু এআইইউডিএফ-ৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলাম ৷

শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ আশ্বাস দিলে অখিল গগৈয়ে

গুৱাহাটীৰ পৰা আহি মৰিয়নিৰ সমষ্টিৰ লুখুৰাখন গাঁৱত উপস্থিত হয় অখিল গগৈ । দুবছৰৰ মূৰত স্ব-গৃহত উপস্থিত হৈয়ে আবেগিক হৈ পৰে অখিল গগৈ । মাতৃৰ বুকুত মূৰ থৈ মাতৃৰ সহযোগিতাৰ বাবে শিৱসাগৰবাসীয়ে মৰমেৰে আঁকোৱালি লোৱাৰ কথা স্বীকাৰ কৰে অখিল গগৈয়ে ।

অসম চৰকাৰলৈ ক'ভিড সাহায্য আমেৰিকাৰ চিকিৎসক সন্থাৰ

সমগ্ৰ দেশৰ লগতে অসমতো অব্য়াহত আছে ক'ভিডৰ ভয়াৱহ ৰূপ ৷ ইয়াৰ মাজতে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি, গুৱাহাটী জিলা শাখাৰ জৰিয়তে অসম চৰকাৰলৈ ক'ভিড আক্ৰান্তসকলৰ বাবে প্ৰয়োজনীয় সাহায্য সামগ্ৰী আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠিত ভাৰতীয় মূলৰ চিকিৎসক সংস্থাই ৷

মোবাইল নেটৱৰ্ক বিচাৰি ৰাজপথত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

মোবাইল নেটৱৰ্কৰ ওপৰতে এতিয়া নিৰ্ভৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ৷ ডিজিটেল যুগত এতিয়া মোবাইল নেটৱৰ্ক এতিয়া ছাত্ৰ-ছাত্ৰীৰ একমাত্ৰ ভৰসা ৷ ডিজিটেল ইণ্ডিয়াৰ দিনত ছাত্ৰ-ছাত্ৰীয়ে পথাৰত বহি দিবলগীয়া হৈছে পৰীক্ষা ৷ BSNL ৰ অকৰ্মণ্যতা ! সুযোগ সন্ধানী একাংশ ব্যক্তিগত কোম্পানীয়ে এতিয়া চলাইছে লুণ্ঠন ৷

পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

চৰকাৰী ৰাজহৰ লোকচান নিয়ন্ত্ৰণ কৰিবলৈ অভাৰলোডেড কয়লা ট্ৰাকৰ চলাচলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ । ৰাজ্যিক কেবিনেটৰ অনুমোদন অবিহনে এতিয়াৰ পৰা এএছটিচিত পুনৰ নিযুক্তি আৰু নতুন নিযুক্তি বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । গুৱাহাটীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ব্ৰহ্মপুত্ৰ নদীৰে cruise সেৱা পৰিচালনাৰ বাবে পদক্ষেপ ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্রীৰ ।

নাৰায়ণপুৰৰ গৃহহীন পৰিয়াললৈ 25 হাজাৰ টকাৰ সাহায্য

বনপুৰৈ জামুগুৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত গৃহহীন হোৱা ২৫ টা পৰিয়ালক শনিবাৰে 25 হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয় ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ড৹ অমীয় কুমাৰ ভূঞা আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস ৷

ABOUT THE AUTHOR

...view details