অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jun 15, 2021, 9:03 AM IST

Etv Bharat news impact: গোলাঘাটৰ চয়নিকালৈ মুখ্যমন্ত্ৰীৰ সাহায্য

সোমবাৰে গোলাঘাটৰ শিল্পী চয়নিকা সভাপণ্ডিতে মঞ্চ এৰি পাচলি বিক্ৰীৰ ব্যৱসায়ত জড়িত হোৱাৰ খবৰ সম্প্ৰচাৰিত হৈছিল ইটিভি ভাৰতৰ জৰিয়তে ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে শিল্পী গৰাকীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে(Chief Minister of state) আগবঢ়ালে বিশেষ সাহায্য । উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়(Cotton University)ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী(post graduate student) তথা সু-গায়িকা চয়নিকা সভাপণ্ডিতে ঘৰৰ সন্মুখতে এখন শাক-পাচলিৰ দোকান দি আৰ্থিক সংকটৰে যুঁজি আহিছিল । এই আৰ্থিক সংকটৰ পৰা সামান্য সকাহ দিয়াৰ উদ্দেশ্যে সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা ৫০,০০০ টকাৰ এখন চেক শিল্পী গৰাকীৰ হাতত অৰ্পণ কৰে বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগে(finance minister Ajanta Neog)। চয়নিকাৰ ঘৰত উপস্থিত হৈ এই সাহায্য প্ৰদান কৰি মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চয়নিকালৈ এই সাহায্য আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷

শিৱসাগৰ প্ৰশাসনক 10 দিনৰ সময়সীমা অসম ছাত্ৰ যুৱ সন্মিলনৰ

শিৱসাগৰ নগৰৰ অন্তৰ্গত বহু অঞ্চলত একাংশ দুষ্ট লোকে চৰকাৰী ভূমি দখল কৰি উচ্চ দৰত বিভিন্ন ব্যক্তিক বিক্ৰী কৰি থকাৰ অভিযোগ অসম ছাত্ৰ যুৱ সন্মিলনৰ ৷ ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

ব’ৰ্ডৰ পৰীক্ষাত কৰ’ণাৰ বাধা: ত্ৰিপুৰাত JEE পৰীক্ষা স্থগিত

কৰ’ণাৰ ভয়াৱহতাই প্ৰভাৱ পেলাইছে শিক্ষাখণ্ডত ৷ ত্ৰিপুৰাৰ ৰাজ্যিক শিক্ষা বিভাগ আৰু ত্ৰিপুৰা মাধ্যমিক শিক্ষা ব’ৰ্ড(Tripura Board of Secondary Education)এ এই পৰ্যন্ত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে জানিবলৈ দিছে এই কথা ৷

গোলাঘাটৰ উন্নয়নক লৈ ব্যস্ত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত

গোলাঘাট জিলাৰ ভৱিষ্যতৰ মিচন প্লেন, বৰ্তমানৰ সমস্যা আৰু জিলাখনৰ উন্নয়ন সন্দৰ্ভত সোমবাৰে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ৷ গোলাঘাটৰ প্ৰতি মুহুৰ্তৰ খবৰৰ লগতে ক’ভিডৰ সকলো তথ্য মন্ত্ৰীগৰাকীক প্ৰত্যেকদিনা দাখিল কৰিবলে জিলাখনৰ শীৰ্ষ মহলক নিৰ্দেশ দিয়ে ৷

বিমানত বোমা থকা বুলি অপপ্ৰচাৰ কৰি আটক হ'ল এজন যুৱক

বিমানত বোমা(Bomb) থকা বুলি মিছা কৈ আৰক্ষীক ফোন কৰি বিপদত পৰিল এজন যুৱক । দিল্লী(Delhi)ৰ পৰা পাটনালৈ যাবলগীয়া এখন বিমান বোমা থকা বুলি কৈছিল ২২ বছৰীয়া যুৱকজনে ।

ক্ৰমাৎ সংকটৰ গৰাহত খোখা নিৰ্মানৰ কুটিৰ উদ্যোগ

ক’ভিডে জুৰুলা কৰিছে ৰাজ্যৰ অৰ্থনীতি । মিনি লকডাউনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৰাজ্য কুটিৰ শিল্প সমূহ । অসমৰ কুটিৰ শিল্পসমূহৰ ভিতৰত একক আৰু অনন্য কামৰূপ জিলাৰ বাৰেডলা অঞ্চলৰ মুৰ্গীৰ পোৱালি কঢ়িওৱাত ব্যৱহৃত খোখা শিল্প । গাওঁবাসীয়ে বছৰ বছৰ ধৰি জড়িত হৈ পৰিয়াল পোহ পাল দিয়া খোখা শিল্প এতিয়া গভীৰ সংকটত ।

চিআইডি আৰু ফৰেনছিক বিভাগৰ নেতৃত্বত আৰম্ভ অভয়াকুটিৰ তদন্ত প্ৰক্ৰিয়া

কোকৰাঝাৰ জিলাৰ অভয়াকুটিৰ সম্পৰ্কীয় দুই নাবালিকাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিৰ্দেশৰ পাচতে এতিয়া তৎপৰ হৈ পৰিছে চিআইডি (CID) আৰু ফৰেনছিক(FORENSIC)বিভাগৰ এটা উচ্চস্তৰীয় দল ৷ ইতিমধ্যে তেওঁলোকে অনুসন্ধান আৰম্ভ কৰিছে ৷


কেনে অৱস্থাত আছে কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনিখন ?

কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ বৰ্তমানৰ অৱস্থাই চকু কপালত তুলিব আপোনাৰ । আঁচনিৰ নামত নৈৰ বালিত পৰিছে এখন পৰিত্যক্ত বাৰাজ, বিকল যন্ত্ৰ-পাতি, পানীৰ মটৰ । কাৰ ভুলৰ বাবে বিকল হৈ পৰি আছে এই কোটি টকীয়া আঁচনি !

MORAL POLICING : শিশু নিৰ্যাতনত জড়িত অভিযুক্তক আটক

দেবেৰা গাঁৱত তিনি শিশুৰ ওপৰত চলোৱা মৰেল পুলিচগিৰিৰ অভিযুক্তক আটক আৰক্ষীৰ ৷ শিশু নিৰ্যাতনত জড়িত জগত পেগুক আদালতত হাজিৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হ’ব বুলি ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা (Ranjan Bhuyan)ই সদৰি কৰে ৷

কেমেৰাত বন্দী বিৰল প্ৰজাতিৰ বগা হৰিণা

সততে আমি দেখা পহুৰ দেহৰ ৰং কেনেকুৱা, তাক দুনাই কোৱা প্ৰয়োজনেইবা ক'ত? কিন্তু পহুৰ দেহৰ ৰং বেলেগো হ'ব পাৰে সেইয় আমাৰ কল্পনাৰ অগোচৰ। এনে অকল্পনীয় ঘটনাৰ কেতিয়া সাক্ষী হ'বলগীয়া হয়, তাৰ কোনো নিশ্চয়তা নাথাকে ।

ABOUT THE AUTHOR

...view details