লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ যৌথ অভিযান
গোলাঘাটৰ লেটেকুজান চাহ বাগিচাত হাতী-মানুহৰ সংঘাত ৰোধৰ কৰাৰ বাবে আগতীয়া পদক্ষেপ গ্ৰহণ কৰিলে বনৰক্ষী বাহিনী আৰু আৰক্ষীয়ে ৷ আৰক্ষী আৰু বনৰক্ষীয়ে গাড়ী চাইৰেণ আৰু শূণ্যলৈ গুলী চালনা কৰি খাদ্য সন্ধানত ওলাই অহা এটা বন্যহস্তী জাকক বনাঞ্চললৈ খেদি পঠিয়ায় ৷
ধুবুৰীত ক’ভিড ডিউটিৰ নাম ফলক লগোৱা বাহনত জব্দ ড্ৰাগছ
ধুবুৰীৰ গৌৰীপুৰত স্বাস্থ্যকৰ্মী কঢ়িওৱা বাহনত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ । ক’ভিড (Covid) ডিউটিৰ নাম ফলক লগোৱা বাহনৰ পৰা ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী ।
অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে ৰংজুলিত অভিযান
গোৱালপাৰাৰ ৰংজুলিত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান। বনবিভাগৰ এই অভিযানত প্ৰায় পাঁচ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডাসহ বিভিন্ন যন্ত্ৰপাতি জব্দ কৰে অভিযানকাৰী দলটোৱে।
নৰেন্দ্ৰ মোডীক দাড়ি খুৰাবলৈ 100 টকা দিলে এজন চাহ বিক্ৰেতাই
মহাৰাষ্ট্ৰৰ বাৰামতীৰ এজন চাহ বিক্ৰেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ১০০ টকা প্ৰেৰণ কৰিছে মোডীৰ দাড়ি খুৰাবলৈ বুলি যি বাতৰি ইতিমধ্যে স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ তাৰপাচতে সমগ্ৰ দেশজুৰি এই সংবাদটো ব্যাপকভাবে চৰ্চিত হোৱা দেখিৱলৈ পোৱা গৈছে ৷
পৰিয়ালৰ অগোচৰে দহ বছৰ ঘৰৰ ভিতৰতে প্ৰেমিকাক লুকুৱাই ৰাখিলে যুৱকে
কেৰালাৰ পালাক্কাড জিলাত ১০ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিকৰ সৈতে উদ্ধাৰ কৰা হয় । কিশোৰীগৰাকী ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত নেমাৰা আৰক্ষী থানা অঞ্চলৰ আইৰুৰৰ পৰা নিৰুদ্দেশ হৈছিল আৰু সেই সময়ত তেওঁৰ বয়স আছিল ১৮ বছৰ । বিগত ১০ বছৰ ধৰি কিশোৰীগৰাকী প্ৰেমিকৰ ঘৰৰ এটা কোঠাত আছিল । কিন্তু লক্ষণীয়ভাৱে এই কথা নাজানিছিল প্ৰেমিকৰ পৰিয়ালে ।