অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : May 27, 2021, 9:05 AM IST

সম্পূৰ্ণ হোৱাৰ পথত বিশ্বৰ অন্যতম পথ সংযোগী সুৰংগ

২০১৯ চনৰ পৰা এই পথচোৱাৰ দায়িত্ব বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে হাতত লোৱাৰ পিছতে ক্ষীপ্ৰ গতিত কাম আৰম্ভ হৈছে । চেলা পাছৰ পৰা মুঠ 9 কিলোমিটাৰ দৈঘ্যৰে সুৰংগৰ প্ৰথম অংশ আৰু বৈশাখি অঞ্চলৰ পৰা প্ৰায় 7 কিলোমিটাৰ দৈঘ্যৰে নিৰ্মাণ কৰা হৈছে দ্বিতীয় অংশ ।

24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ ৷ বৰ্তমান এক্সেল কেয়াৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ড৹ লক্ষ্মীনন্দন বৰা ৷

এতিয়াৰ পৰা ২৪ ঘন্টাই খোলা থাকিব মুখ্যমন্ত্ৰীৰ সচিবালয়

দেশৰ ভিতৰত হয়তো অসমেই হ'ব প্ৰথমখন ৰাজ্য, য'ত এতিয়াৰে পৰা সপ্তাহটোত কোনো বন্ধৰ দিন নাথাকিব মুখ্যমন্ত্ৰীৰ সচিবালয়ত ৷ এই নতুন আৰু ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেটে । অৱশ্যে এই সম্পৰ্কত এই পৰ্যন্ত কোনোধৰণৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি হোৱা নাই ।

পত্নীসহ মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

পত্নী ৰিণিকি ভূঞাক লগত লৈ বুধবাৰে নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী হিচাপে পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ অন্তত জিলাখনৰ শীৰ্ষ বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিল লাওখোৱা সহকাৰী স্বাস্থ্য কেন্দ্ৰ

চৰকাৰী চিকিৎসালয়ৰ আজৱ কাণ্ড ৷ বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিল নগাঁৱৰ লাওখোৱাৰ এটা স্বাস্থ্য কেন্দ্ৰ ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

মহামায়া বনাঞ্চলত বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ

সমগ্ৰ ভাৰত বৰ্ষতে ব্যাপক হাৰত হ্ৰাস পাই আহিছে শগুণৰ সংখ্যা ৷ এনে সময়তে বিলাসীপাৰা সীমান্তৱৰ্তী মহামায়া বনাঞ্চলত অৰণ্য সুৰক্ষা সমিতিৰ কৰ্মীয়ে উদ্ধাৰ কৰে এটি বিৰল প্ৰজাতিৰ শগুণ ।

ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিডাক্ৰান্তক সহায় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ক'ভিড-১৯ ৰ ভয়াৱহ সময়ত জনতাৰ কাষত থিয় দিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁৱত সাংসদ ক'ভিড সেৱা কেন্দ্ৰ স্থাপন কৰি ক'ভিড আক্ৰান্ত দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

বিটিআৰক অস্ত্ৰ মুক্ত বিচাৰো: প্ৰমোদ বড়ো

বাক্সা জিলাত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷ বিটিআৰৰ চাৰিখন জিলাৰ উপায়ুক্ত, স্বাস্থ্য যুটিয়া সঞ্চালকৰ লগতে বিভিন্ন উচ্চ পদস্থ বিষয়া সকলৰ সৈতে মত বিনিময় প্ৰমোদ বড়োৰ ৷

ক’ভিড-19ত আক্ৰান্ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা

ক’ভিড-19ত আক্ৰান্ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ৷ সম্প্ৰতি বিধায়কগৰাকী শিৱসাগৰৰ দ'লমুখ চাৰিআলি ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে ৷

পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ

বুধবাৰে জিলা প্ৰশাসনে শুক্ৰেশ্বৰ ঘাটৰ পৰা প্ৰায় ৩০ জন পদপথত আশ্ৰিত লোকক বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰে। লগতে গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈকে ট্ৰাক ৰখোৱা স্থানবোৰত জিলা প্ৰশাসনে ক'ভিড পৰীক্ষাৰ এক কাৰ্যসূচী সম্পন্ন কৰে।

ABOUT THE AUTHOR

...view details