অসম

assam

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি... - TOP 10 AT 9 AM

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

9 বজাৰ দহটা শীৰ্ষ বাতৰি
9 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : May 5, 2021, 9:23 AM IST

কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্রী: অব্যাহত অচলাৱস্থা

কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী ? নিৰ্বাচনী ফলাফলৰ ৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো ৰাজ্যবাসী অপেক্ষাৰত এই প্ৰশ্নৰ উত্তৰ বিচাৰি । ৰাজ্যিক বিজেপিৰ এটা সূত্রই জনোৱা মতে, দিল্লীৰ পৰাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰা হ'ব । বুধবাৰে অসমৰ মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমলৈ মুকলি প্ৰশ্ন

বিতৰ্কৰ শীৰ্ষত আছে আলফা (স্বা) তথা নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসম ৷ সন্ধানহীন অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ সন্দৰ্ভত আলফা স্বাধীনলৈ ৰাজহুৱা প্ৰশ্ন অসম যুৱ শক্তি পৰিষদৰ ৷

বিগত 24 ঘন্টাত মৰিগাঁৱত ক'ভিড আক্ৰান্ত হ'ল 101 গৰাকী

মঙলবাৰৰ দিনটোত মৰিগাঁও জিলাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে শতকৰ ঘৰ ৷ বিগত 24 ঘন্টাত জিলাখনৰ বিভিন্ন ঠাইত 1571 টা পৰীক্ষা সম্পন্ন কৰা হয় | ইয়াৰে 101 এজনৰ দেহত ধৰা পৰে কৰ'ণাৰ উপস্থিতি ৷

অধিক ভয়াৱহ হ’ব দেশৰ ক’ভিড পৰিস্থিতি

অধিক ভয়ানক হ'ব 1.4 বিলিয়ন লোকৰ বসতিস্থল ভাৰতবৰ্ষৰ ক’ভিড পৰিস্থিতি ৷ অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰ অভাৱৰ বাবে মৃত্যুমুখত পৰিছে বৃহৎ সংখ্যক লোক ৷

খৰাংসদৃশ পৰিস্থিতি: গভীৰ সংকটত অসমৰ চাহ উদ্যোগ

গভীৰ সংকটত অসমৰ চাহ উদ্যোগ । এফালে লক ডাউন, আনফালে খৰাংসদৃশ পৰিস্থিতি ৷ প্ৰয়োজনতকৈ কম পৰিমাণৰ বৰষুণ হোৱাৰ বাবে ৰাজ্যৰ বৃহৎ চাহগোষ্ঠীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ চাহ খেতিয়কলৈকে সকলোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে ।

ৰাজ্যবাসীৰ সমুখত ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশাৱলী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পুনৰ প্ৰকাশ কৰিছে ক’ভিড প্ৰট’কল সম্পৰ্কীয় এক নতুন নিৰ্দেশাৱলী ৷ 5 মে’ৰ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশাৱলী ৷

ভাৰতবৰ্ষত শিক্ষা খণ্ডৰ জৰুৰী অৱস্থা

ক’ভিড-১৯ ৰ ফলত সমগ্ৰ দেশজুৰি কোটি কোটি শিশু শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷ যদিহে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ গম্ভীৰতাক গুৰুত্বসহকাৰে লোৱা নাযায়, তেনেহ’লে দেশৰ শিক্ষা খণ্ডৰ সামগ্ৰিক প্ৰগতি এক দ-খাৱৈত পৰিবগৈ ৷ ইনাডুৰে হোৱা এক সাক্ষাৎকাৰত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ বিষয়ে কৃষ্ণ কুমাৰে কেইবাটাও পৰামৰ্শ আগবঢ়াই ৷

ভাৰত-ভূটান সীমান্তত গুলীবিদ্ধ খৰিকটীয়া

গুলীচালনাৰ ঘটনা সংঘটিত হৈছে চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ৷ অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰাৰ ফলত ভৰিত গুলী লাগে এজন খৰিকটীয়াৰ ৷

ভাৰতীয় বায়ুসেনাই স্থাপন কৰিব 100 খন বিচনাযুক্ত ক'ভিড চিকিৎসা কেন্দ্ৰ

ভাৰতীয় বায়ু সেনাৰ উল্লেখনীয় পদক্ষেপ ৷ বেংগালুৰুৰ সাধাৰণ জনতাক সহায় কৰাৰ অৰ্থে বায়ুসেনাৰ কেন্দ্ৰ জালাহাল্লিত 100 খন বিচনাযুক্ত এটা ক'ভিড চিকিৎসা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় বায়ু সেনাই ৷

নিৰ্বাচনৰ ফলাফলক লৈ প্ৰকৃততে উৎফুল্লিত নে অগপ নেতৃত্ব ?

সোমবাৰে অগপ কাৰ্যালয়ত দলীয় নেত্ৰীত্বই ইজনে আনজনক ফুলৰ থোপা, গামোচা ইত্যাদিৰে শুভেচ্ছা জ্ঞাপনেৰে সম্বৰ্দ্ধনা জনোৱা দেখা যায় ৷ কিন্তু প্ৰশ্ন হয়, বিধানসভা নিৰ্বাচনৰ এই ফলাফলক লৈ প্ৰকৃততেই উৎফুল্লিত হৈছেনে অগপ নেতৃত্ব ?

ABOUT THE AUTHOR

...view details