অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি... - 9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Top 10 @ 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

By

Published : Mar 1, 2021, 8:59 AM IST

প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰিলে ক’ভিড প্ৰতিষেধক

কোভিড 19 ৰ প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ ৷ নতুন দিল্লীস্থিত এইমছত মোডীয়ে গ্ৰহণ কৰে ক’ভিডৰ প্ৰতিষেধক ৷

নলবাৰী থানাত উপস্থিত ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা

লুৰিণজ্যোতি গগৈক কৰা আক্ৰমণৰ সন্দৰ্ভত দেওবাৰে নিশা নলবাৰীত থানাত উপস্থিত হয় ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা ৷ ইতিমধ্যে আৰম্ভ হৈছে এই ঘটনাৰ তদন্ত ৷ নিৰ্বাচনী প্ৰচাৰ সভালৈ আহোতে গগৈৰ বাহনত শিলাবৰ্ষণ কৰিছিল একাংশ দুৰ্বৃত্তই ৷

ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সমাৰোহ সম্পন্ন

সোণোৱাল কছাৰী সমন্বয় ক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সমাৰোহ । যুৱ সমাৰোহখনৰ জৰিয়তে ডিব্ৰুগড়ত বিজেপিয়ে ৰণডংকা বজায় ৷ উক্ত সমাৰোহত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি অনুপ বৰ্মনকে ধৰি বিজেপিৰ অন্যান্য মন্ত্ৰী, বিধায়কসকল ৷

জাহাজ য'ত চলে তাত পদুম ফুলিব নোৱাৰে: লুৰিণ জ্যোতি গগৈ

যি পানীত জাহাজ চলে তাত পদুম ফুলিৱ নোৱাৰে ৷ অসমত অত্যাচাৰৰ উৎপাতত চাৰিওফালে অসম ডুবাৰ উপক্ৰম হৈছে ৷ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি অসমক ডুবাবৰ বাৱে উঠিপৰি লাগিছে ৷ কিন্তু অসমক উদ্ধাৰ কৰাৰ বাবে জাহাজ আহিছে ৷ জাহাজৰ জৰিয়তে অসমক উদ্ধাৰ কৰা হ'ব ৷ দেওবাৰে এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ক'লে, বিজেপি এইবাৰ ডুবিব !

বিপিএফ দলে মহাজোঁটত চামিল হোৱাৰ পাচতে বিপিএফৰ নেত্ৰী তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়েও বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ।

মহাঁজোটৰ অংশীদাৰ হৈ কি ক'লে হাগ্ৰামাই ?

অসমত বিজেপিক জীয়াই ৰাখিছিল হাগ্ৰামাই ৷ এতিয়া কেনেকৈ জীয়াই থাকিব বিজেপি ? কিয়নো মহাঁজোটৰ অংশীদাৰ হৈ এই মন্তব্য প্ৰকাশ কৰিলে হাগ্ৰামাৰ মহিলাৰীয়ে ৷

৫৮ দিনৰ অন্তত পুনৰ মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

জোজিলা পাছৰ কাষত বৰফ চাফা কৰাৰ পিছত যাতায়তৰৰ বাবে দেওবাৰে ৫৮ দিনৰ অন্তত বন্ধ থকা শ্ৰীনগৰ-লেহ ঘাইপথটো পুনৰ মুকলি কৰা হয় । অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনবোৰক প্ৰথমতে জোজিলা পাছৰ পৰা লেহ-লাডাখৰ ফালে যাবলৈ অনুমতি দিয়া হৈছে ।

ৰে'ল বিভাগে পথ বন্ধ কৰাক লৈ ৰঙাপৰাত ক্ষুব্ধ স্থানীয় ৰাইজ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত এটি গুৰুত্বপূৰ্ণ পথ ৰে'ল বিভাগে বন্ধ কৰাক লৈ ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ নিতৌ গাঁওখনত বসবাস কৰি থকা ৮ শৰো অধিক পৰিয়াল আৰু ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰা পথচোৱা বন্ধ কৰাক কেন্দ্ৰ কৰি দেওবাৰে স্থানীয় ৰাইজে সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ ৷

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাইলাকান্দি অসামৰিক চিকিৎসালয়

আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধু্ৰী এই ঘটনাৰ পাছতেই চিকিৎসালয়ত উপস্থিত হৈ মৃত প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে আৰু দোষী চিকিৎসা কৰ্মীৰ গ্ৰেপ্তাৰৰ দাবী জনায় ।

নলবাৰীৰ এজেপিৰ সভাপতি লুৰিণজ্যোতিৰ বাহনত শিলাবৰ্ষণ

লুৰিণ জ্যোতিয়ে নলবাৰীৰ আল্লিয়াৰ সোনকুৰিহাৰ সভা সামৰি বাঁহজানীৰ সভাত অংশ ল’বলৈ যোৱাৰ সময়তে লুৰিণজ্যোতি সহ সমৰ্থকসকলে গৈ থকাৰ সময়তে গেৰুৱা বাহিনীৰ একাংশ সমৰ্থকে বাহন আগুচি আক্ৰমণ কৰে ৷

ABOUT THE AUTHOR

...view details