অসম

assam

By

Published : Oct 14, 2020, 7:24 PM IST

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা খবৰ

7 বজাৰ শীৰ্ষ 10 টা খবৰ

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা খবৰ

আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ ঘৰত CID ৰ অভিযান

জ্যৰ শীৰ্ষ খবৰৰ তালিকাত আছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰী ৷ ইতিমধ্যে, এই কেলেংকাৰীত নাম সাঙোৰ খাইছে বহুতো বিয়াগোম বিষয়াৰ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰীক্ষাৰ্থীৰ লগতে কেলেংকাৰীত নাম সাঙোৰ খোৱা বহুতো বিষয়াক ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

কৰ'ণাৰ ভয়াৱহতাৰ বাবে পাঠদান সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ বাবে প্ৰস্তুত নহয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ৷ পৰীক্ষা অবিহনেই দ্বিতীয় বৰ্ষলৈ উন্নীত কৰাৰ দাবী শিক্ষাৰ্থীসকলৰ ৷

প্ৰবল বৃষ্টিপাতৰ কবলত তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ

মঙলবাৰে হঠাতে হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত চহৰখনৰ অধিকাংশ অঞ্চল জলমগ্ন হৈ পৰে ৷ প্ৰায় ৬ ঘণ্টা ধৰি হোৱা বৃষ্টিপাতৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে কোনো কোনো এলেকাত পথৰ মাজতে গছ-গছনি ভাঙি পৰে ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুত সংযোগ ব্যাহত কৰা হয় ৷

বেংকৰ ঋণ পৰিশোধ নকৰাৰ বাবেই গৃহহাৰা হ’ল এটা পৰিয়াল

গোলাঘাট জিলাৰ মৰঙীত বেংকৰ ঋণ পৰিশোধ নকৰি বিপদত এটা পৰিয়াল ৷ বেংক কৰ্তৃপক্ষৰ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত চীল কৰিলে বাসগৃহ।

হায়দৰাবাদত কৃত্ৰিম বানত নিহতৰ সংখ্যা ১৩ লৈ বৃদ্ধি

প্ৰবল বৃষ্টিপাতৰ ফলত বাসগৃহত শিল খহি পৰাত হায়দৰাবাদত এগৰাকী শিশুকে ধৰি ১৩ গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে ৷ হায়দৰাবাদৰ বান্দলাগুড়া এলেকাত সংঘটিত হৈছে এই ঘটনা ৷

অৱধাৰিত হৈ থকাটো বৃহৎ প্ৰত্যাহ্বান : ইগা স্বিয়াটেক

ইগা স্বিয়াটেকে ৰোলাণ্ড গাৰোছ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত প্ৰথমটো গ্ৰেণ্ড শ্লাম জয়ী হয় । ১৪খন গ্ৰেণ্ড শ্লামৰ ১১ সংখ্যক খেলুৱৈ হয় ইগা স্বিয়াটেক ।

ধাৰাষাৰ বৰষুণৰ ফলত হায়দৰাবাদত কন্যাৰ লগতে মহিলাৰ মৃত্যু

হায়দৰাবাদত ধাৰাষাৰ বৰষুণৰ ফলত মহিলাৰ লগতে কন্যাৰ মৃত্যু ৷ ঘৰৰ ছাদ খহি পৰাত মৃত্যু হয় তেওঁলোকৰ ৷ চৰকাৰৰ ফালৰ পৰা সকলো সময়তে সতৰ্কতা অৱলম্বন ৷

CSKৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা এম.এছ ধোনীৰ

চেন্নাই চুপাৰ কিংছৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা দলটোৰ কেপ্তেইন এম.এছ ধোনীৰ । মঙলবাৰে চানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে হোৱা মেচত অ'পেনাৰ ফাফ ডু প্লেছিছৰ সৈতে অ'পেনিং কৰি ২১ টা বলত ৩১ ৰাণ সংগ্ৰহ কৰাৰ লগতে চানৰাইজাৰ্ছ হায়দৰাবাদৰ কেপ্তেইন ডেভিদ ৱাৰ্ণাৰৰ উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হয় চেম কৰণে ।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগলৈ নিৰ্বাচিত চীন আৰু ৰাছিয়া

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগত হোৱা নিৰ্বাচনত জয়লাভ কৰিছে চীন, ৰাছিয়া আৰু কিউবাই। আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পৰা ব্যৰ্থ হয় ছৌদি আৰৱ ।

বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল

ফলাফল ঘোষণাৰ পিছতে পুনৰ বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষা। ৱেবছাইটত প্ৰকাশিত হ'ল ছীল, মোহৰ,স্বাক্ষৰ বিহীন বাছনি তালিকা। মন্ত্ৰী ভৱেশ কলিতাই উকা উত্তৰবহী জমা দিবলৈ কোৱাৰ অভিযোগ প্ৰাৰ্থীৰ।

ABOUT THE AUTHOR

...view details