অসমত নহয় লক ডাউন-নৈশ সান্ধ্য আইন : হিমন্ত বিশ্ব শৰ্মা
পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ লগে লগে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে যদিও ভয়ৰ কোনো কাৰণ নাই । বিহু নিৰাপদে পালন কৰিব পাৰিব । বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ সাধাৰণ নীতি-নিৰ্দেশনা জাৰি কৰা হ'ব । বিগত বৰ্ষৰ পৰিৱেশ আৰু বৰ্ত্তমানৰ পৰিৱেশৰ মাজত যথেষ্ট পাৰ্থক্য আছে । চিকিৎসক-নাৰ্চকে ধৰি চিকিৎসা খণ্ডৰ সকলো লোকেই ভেকচিন লৈছে ।
কৰ’ণা ভাইৰাছত আক্ৰান্ত আইআইটি ৰুড়কীৰ 88 গৰাকী শিক্ষাৰ্থী
দেশত পুনৰ বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰীও হৈছে আক্ৰান্ত ৷ শেহতীয়াকৈ, উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত আইআইটি ৰুড়কীৰ প্ৰায় 88 গৰাকী শিক্ষাৰ্থী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷
বৰপেটা আৰু চিৰাং জিলাত পুনৰ কৰ'ণাত আক্ৰান্ত দুজনকৈ লোক
বৰপেটা আৰু চিৰাং জিলাত কৰ'ণাত আক্ৰান্ত হৈছে দুজনকৈ লোক ৷ কৰ'ণাত আক্ৰান্ত লোক দুজনক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ক’ভিড আইছ'লেচন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে ৷ মাস্ক পৰিধানকে ধৰি নিজৰ সুৰক্ষাৰ বাবে ক'ভিড প্ৰ'ট'কল মানি চলিবলৈ ৰাইজলৈ আহ্বান বৰপেটা মেডিকেল কলেজ হস্পাতালৰ অধীক্ষকৰ ৷
মৰিগাঁৱত প্ৰদৰ্শন কণ্ঠকৰামৰ সাধু
বুধবাৰে মৰিগাঁৱত প্ৰদৰ্শন কৰা হয় কণ্ঠকৰামৰ সাধু শীৰ্ষক এখন নাটক ৷ মৰিগাঁৱৰ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা এই নাটকখন পৰিচালনা কৰে এনএছডিয়ান জ্যোতি নাৰায়ণ নাথে ৷
মধ্য প্ৰদেশৰ ছিন্দৱাৰাত লক ডাউন
দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশ চৰকাৰে বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা পৰৱৰ্তী সাতদিনৰ বাবে সমগ্ৰ ছিন্দৱাৰা জিলাত লক ডাউন ঘোষণা কৰে । ৮ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ সকলো নগৰাঞ্চলত নৈশ সান্ধ্য আইন জাৰি কৰাৰ কথাও ঘোষণা কৰে । লগতে পৰৱৰ্তী তিনি মাহৰ বাবে উইকেণ্ড লক ডাউন ঘোষণা কৰে ।