অসম

assam

ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jul 3, 2020, 7:08 PM IST

চীনৰ পৰা বৈদ্যুতিক সামগ্ৰী আমদানি বন্ধ কৰিব ভাৰতে

চীনা সৈন্যৰ আক্ৰমণত ২০ গৰাকীকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে চীনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা। শেহতীয়াকৈ দেশত ৫৯ টা চীনা এপ্লিকেশ্বন নিষিদ্ধ ঘোষণা কৰাৰ পাছত এইবাৰ বৈদ্যুতিক সমঞ্জামৰ আমদানী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে এই কথা উল্লেখ কৰে শক্তি মন্ত্ৰী আৰ.কে. সিঙে ।

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল

কোভিড ১৯ ৰোগৰ সন্ত্ৰাসৰ মাজত দেশৰ অৰ্থনৈতিক অৱস্থাৰ দুৰাৱস্থা হোৱাৰ লগতে সামাজিক দিশটো বিভিন্ন বেমেজালিয়ে দেখা দিছে । ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে এই দিশসমূহ উন্নয়ণত গুৰুত্ব প্ৰদান নকৰি কোভিড ১৯ ৰোগৰ আতংক বিয়পাই জনতাক বিপথে পৰিচালিত কৰিছে । যাৰ বাবে শ্ৰম জড়িত সকলো বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে শুকুৰবাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

গুৱাহাটী আই আই টিত কোভিড চিকিৎসালয় মুকলি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আই আই টিত কোভিড চিকিৎসালয় মুকলি ৷ ৮০০ ক‘ৰণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খনত ।

নতুন ভূমি নীতি : সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ডিফুত আছুৰ প্ৰতিবাদ

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু খাদ্য বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা আৰু নতুন ভূমি নীতিৰ প্ৰস্তাৱৰ প্ৰতিলিপি দাহ কৰে ডিফুত আছুৱে ৷ মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিলে অসমীয়া খবৰ বাতৰি কাকতৰ স্বতাধিকাৰী ৰন্টু দাস । দীৰ্ঘদিন ধৰি গুৱাহাটীৰ এপল' হাস্পতালত চিকিৎসাধীন হৈ আছিল ব্যক্তি গৰাকী ।

চৰকাৰৰ ভূমিনীতি, অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ

ৰাজ্যৰ ভূমিনীতিৰ বিৰুদ্ধে আজিও অব্যাহত আছে আছুৰ প্ৰতিবাদ । শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা ভূমি নীতিত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ একেদৰে পেট্ৰ'ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থাই ৷ চৰকাৰৰ ভূমিনীতি, অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত জিলা আছুৱে শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী ।

গোৱালপাৰা লক্ষীপুৰত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

দেশত বৃদ্ধি পাই থকা পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোৱালপাৰা লক্ষীপুৰত আম আদমী পাৰ্টীৰ দ্বাৰা সাব্যস্ত কৰা হয় প্ৰতিবাদ ।

উত্তৰ প্ৰদেশত এটা পৰিয়ালৰ ৪ জন লোকৰ মৃতদেহ উদ্ধাৰ

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ নবাব গঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত পেটেল নগৰৰ এটা বাসগৃহত পৰিয়ালটিৰ চাৰিজন সদস্যৰ মৃতদেহৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে সদৰি কৰিছে এই তথ্য । বৰ্তমানলৈ এই ভয়ংকৰ হত্যাৰ কোনো ধৰণৰ তথ্য আৰক্ষীৰ হাতত নাই ।

২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট কংগ্ৰেছত খহনীয়া

গোলাঘাট জিলাৰ কংগ্ৰেছত খহনীয়া 2021চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি, প্ৰাক্তন উপ পৌৰপতি, ২ গৰাকী ৱাৰ্ড সদস্যা সহ মুঠ ৪ গৰাকী কংগ্ৰেছী বিজেপিত যোগদান শুক্ৰবাৰে। যোৰহাট লোকসভাৰ সাংসদ তপন গগৈৰ উপস্থিতিত গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত যোগদান কৰে এই ৪ কংগ্ৰেছী সদস্য কেইজনে।

উত্তৰ প্ৰদেশত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ

প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই টুইটাৰযোগে উত্তৰ প্ৰদেশ আৰক্ষীৰ ৮ গৰাকী শ্বহীদৰ পৰিয়ালকৈ সমবেদনা জ্ঞাপন কৰি অপৰাধীসকল নিৰ্ভীক বুলি উল্লেখ কৰে। এইখন ৰাজ্যত জনসাধাৰণ বাদেই, আৰক্ষীৰ লোকো সুৰক্ষিত নহয় বুলি উল্লেখ কৰে ।

পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাসৰ দাবীৰে ৰঙাপৰাত কংগ্ৰেছৰ প্ৰতিবাদ

শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে কংগ্ৰেছ দলে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰঙাপৰাতো কংগ্ৰেছ দলে ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ চৰকাৰক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিবলৈ সকীয়নি প্ৰদান দলটোৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details