অসম

assam

ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 AT 5PM

5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ
5 বজাৰ দহটা শীৰ্ষ খবৰ

By

Published : Aug 24, 2021, 5:14 PM IST

গোৱাত ৰাছিয়ান মডেল আলেকজেন্দ্ৰা জাভিৰ ৰহস্যজনক মৃত্যু

কাঞ্চনা-3 ৰ অভিনেত্ৰী তথা ৰাছিয়ান মডেল আলেকজেন্দ্ৰা জাভি (Alexandra Djavi)ৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ উত্তৰ গোৱাৰ চিওলিম অঞ্চলৰ ভাড়া ঘৰত চীপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হৈছিল এইগৰাকী ৰাছিয়ান মডেলৰ মৃতদেহ ৷

সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰাবৰ বাবেহে জন আশীৰ্বাদ যাত্ৰা !

জন আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত বিৰোধীৰ সমালোচনাক প্ৰত্যুত্তৰ মন্ত্ৰী যোগেন মহনৰ ৷ মন্ত্ৰী গৰাকীৰ মতে উপ-নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই জন আশীৰ্বাদ যাত্ৰাৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক ৰাজ্যবাসী আৰু দেশবাসীৰ ওচৰত চিনাকি কৰাই দিয়াই জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য ৷

1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ

কৰ'ণা মহামাৰীৰ বাবে বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ । অনলাইনযোগে চলিছে পাঠদান । এতিয়া ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পাছত পুনৰ শিক্ষানুষ্ঠানতে আনুষ্ঠানিক পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে চৰকাৰৰ শিক্ষা বিভাগে ।

লাইলাপুৰ কাণ্ড: চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে

26 জুলাইত কাছাৰৰ লাইলাপুৰত সংঘটিত হৈছিল সীমাকেন্দ্ৰিক বিবাদ ৷ অসম আৰক্ষী আৰু মিজোৰাম আৰক্ষীৰ সংঘাত সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NATIONAL HUMAN RIGHTS COMMISSION) ওচৰত গোচৰ ৰুজু কৰিছিল মহম্মদ ইনজামুল হক নামৰ এজন লোকে ৷ তাৰপিছত আয়োগে কি স্থিতি ল’লে চাওক...

ক’ভিডৰ তৃতীয় ঢৌ : কিমান যুক্তিসংগত স্কুলসমূহ খোলাৰ প্ৰসংগ ?

অক্টোৱৰৰ ভিতৰত তীব্ৰ হোৱাৰ সম্ভাৱনা ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰভাৱ ৷ এই শংকাৰ মাজতে বিদ্যালয়সমূহ পুনৰ খোলা দিয়া বিষয়টোৰ ওপৰত পুনৰ আহি পৰিছে প্ৰশ্ন, যদিও কেইবাখনো ৰাজ্যত ইতিমধ্যেই বিদ্যালয়সমূহ খোলা দিয়া হৈছে ৷ কিন্তু শিশুসকলৰ বাবে ভেকচিন উপলব্ধ নোহোৱাকৈয়ে শিশুসকলক বিদ্যালয়লৈ পঠোৱাতো কিমান সুৰক্ষিত হ’ব ?

তালিবানী সমৰ্থকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী: আৰক্ষী সঞ্চালক প্ৰধান

তালিবানক(Taliban) সমৰ্থন কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব অসম আৰক্ষী(Assam Police) ৷ এইবাৰ তালিবানী সমৰ্থকৰ বিৰুদ্ধে সতৰ্ক হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ সোমবাৰে মৰাণত উপস্থিত হৈ এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(Bhaskarjyoti Mahanta) ৷

চন্দ্ৰপুৰত প্ৰেক্ষাগৃহ নিৰ্মাণত ব্য়াপক অনিয়মৰ অভিযোগ

চন্দ্ৰপুৰৰ সূতাকলত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ দায়িত্বত থকা দিছপুৰৰ বিধায়ক অতুল বৰাৰ(Atul Bora) ঘনিষ্ঠ ঠিকাদাৰ বিজয় বৰদলৈৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৷ বিগত বৰ্ষতে আধাৰশিলা স্থাপন কৰা প্ৰেক্ষগৃহটোৰ 50 শতাংশ সম্পূৰ্ণ নকৰাৰ অভিযোগ প্ৰাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ ৷

ৰঙিয়াত ৰহস্যজনকভাৱে অন্তৰ্ধান তিনিবাৰকৈ স্থাপন কৰা আধাৰশিলাৰ ফলক

তিনিবাৰকৈ আধাৰশিলা স্থাপন হোৱা পথত বাঁহ বান্ধি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ পথটো নিৰ্মাণ হোৱাতো বাদেই, শেহতীয়াকৈ নিৰ্মাণৰ অনুমোদন লাভ কৰা পথটোৰ আধাৰশিলাৰ ফলকখনেই অন্তৰ্ধান হ’ল ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ক’ত আছে এই জৰাজীৰ্ণ পথটো ? চাওক এই প্ৰতিবেদন...

ছত্তিশগড়ত সুৰক্ষা বাহিনীৰ অভিযানত নিহত 2 নক্সালবাদী

মঙলবাৰে পুৱাৰভাগতে ছত্তিশগড়ত সুৰক্ষা বাহিনীৰ অভিযানত দুজন নক্সালবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে ৷ ঘটনাস্থলীৰ পৰা অভিযানকাৰী দলটোৱে অস্ত্ৰৰ লগতে বিস্ফোৰক উদ্ধাৰ কৰিছে ৷

পছন্দৰ গান নবজাৰ বাবেই মণ্ডপত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কইনাৰ

নিজৰ বিয়াখনক লৈ আপোনাৰো হয়তো আছে বহু হাবিয়াস ৷ নিজৰ মন পছন্দৰ কাপোৰযোৰৰ পৰা আৰম্ভ কৰি নৃত্য কৰিবলগীয়া গীতসমূহলৈ, সকলো নিশ্চয় আপোনাৰ পছন্দৰ হোৱাটোৱেই বিচাৰে আপুনি ? তেনেস্থলত শেষ মুহূৰ্তত যদি আপুনি সলনি কৰিবলগীয়া হয় দীৰ্ঘদিনীয়া এই পৰিকল্পনা, তেন্তে কেনে হ’ব আপোনাৰ প্ৰতিক্ৰিয়া ? নিশ্চয় এই কইনাগৰাকীৰ নিচিনাই ? চাওক ভিডিঅ’...

ABOUT THE AUTHOR

...view details