গুজৰাটত দুগৰাকী আৰক্ষীক ভুৱা এনকাউন্টাৰ এটা গোচৰৰ পৰা মুক্তি
লস্কৰ-ই-তৈয়বাৰ সদস্য চাদিক জামালৰ বিৰুদ্ধে তদানিন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি দলৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ আছিল ৷ 2003 চনৰ 13 জানুৱাৰীত আহমেদাবাদত নৌৰদা অঞ্চলত চাদিক জামালক এনকাউন্টাৰ কৰি হত্যা কৰাৰ অভিযোগ উঠিছিল আৰক্ষীৰ এটা দলৰ দুগৰাকীকৈ আৰক্ষীৰ বিৰুদ্ধে ৷
বকোৰ হাহিমত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা
বকোৰ হাহিমত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা ৷ কৈলাশ শৰ্মা নামৰ লোকজনে আয়োজন কৰে এই প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে দহ হেজাৰ, দ্বিতীয় পুৰস্কাৰ পাঁচ হেজাৰ, তৃতীয় পুৰস্কাৰ দুহেজাৰ আৰু পাঁচজন প্ৰতিযোগীক এহেজাৰ টকাকৈ নিচুকনি বঁটা প্ৰদান কৰা হয় ।
পেনচিলভেনিয়াত বিডেনৰ বিজয়ক স্বীকৃতি
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পেনচিলভেনিয়াত অনুষ্ঠিত নিৰ্বাচনক পেনচিলভেনিয়াৰ স্বীকৃতি ৷ ৰাজ্যপাল টম উল্ফে টুইটযোগে এই কথা ঘোষণা কৰে ৷ পেনচিলভেনিয়াত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি পদৰ বাবে 3 নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফলক পেনচিলভেনিয়াৰ ৰাজ্যিক বিভাগে স্বীকৃতি প্ৰদান কৰিছে ৷
কেৱাড়িয়া : বিশ্বৰ আকৰ্ষণীয় পৰ্যটনথলী
গুজৰাটৰ কেৱাড়িয়া আৰু ইয়াৰ আশে-পাশে কিছু অংশ পৰ্যটনথলীৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকা অন্যতম ৷ সম্প্ৰতি কেৱাড়িয়া দেশৰ এক গুৰুত্বপূৰ্ণ পৰ্যটনথলীৰ লগতে ই বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান পাবলৈ সক্ষম হৈছে ৷
তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনাবলৈ বুধবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় ৰাহুল গান্ধী ৷ বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে তৰুণ গগৈৰ দিছপুৰ স্থিত চৰকাৰী বাসগৃহলৈ যায় কংগ্ৰেছ নেতা গৰাকী ৷ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায় ৰাহুল গান্ধী উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰি ৰাহুল গান্ধীয়ে এইদৰে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘তৰুণ গগৈ মোৰ গুৰু আছিল ৷