অসম

assam

ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি - 5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

top 10 at 5 pm
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Jan 2, 2023, 4:59 PM IST

Another explosion in Rajouri: ৰাজৌৰীত পুনৰ বিস্ফোৰণ হৈ এজনৰ মৃত্যু, 5 জন আহত

ইংৰাজী নৱবৰ্ষৰ আৰম্ভনিতে জম্মু কাশ্মীৰত ইটোৰ পিছত সিটোকৈ সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে ৷ সোমবাৰে ৰাজৌৰীত এক বিস্ফোৰণৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে 5 জন লোক আহত হৈছে ৷

Baba Vishwanath Dham: দুদিনত ৬ লক্ষাধিক ভক্তিই দৰ্শন কৰিলে শ্ৰী কাশী বিশ্বনাথ মন্দিৰ

বাৰাণসীৰ বাবা বিশ্বনাথ ধামৰ শ্ৰী কাশী বিশ্বনাথ মন্দিৰ হৈছে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত এটা । এই মন্দিৰটো দৰ্শন কৰিবলৈ অহা ভক্তৰ সংখ্য়াই এইবাৰ অভিলেখ গঢ়িলে । যোৱা বছৰো সাত লাখতকৈও অধিক ভক্তই ৩ দিনত দৰ্শন কৰি অভিলেখ গঢ়িছিল ।

SC Verdict on Demonetisation: কেন্দ্ৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ

নৰেন্দ্ৰ মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে । উচ্চ মূল্যৰ নোট বাতিল কৰাৰ বাবে কেন্দ্ৰৰ 2016 চনৰ অধিসূচনাক সমৰ্থন ছুপ্ৰিম কোৰ্টৰ । 4:1 সংখ্যাগৰিষ্ঠতাৰে দেশৰ শীৰ্ষ আদালতৰ মজিয়াত লোৱা সিদ্ধান্তত জনোৱা হয় যে, কেন্দ্ৰই লোৱা সিদ্ধান্ত ভুল নাছিল ।

APSC scam 2014: APSC কেলেংকাৰীত জড়িতৰ অভিযোগত আৰু এজন ৰাজপত্ৰিত বিষয়ালৈ জাননী

চৰ্চাত আকৌ অসম লোকসেৱা আয়োগৰ ২০১৪ ৰ কেলেংকাৰী ৷ APSC কেলেংকাৰীত আৰু এজন বিষয়ালৈ ন্যায়িক আয়োগৰ জাননী ৷ ইতিমধ্যে এই APSC কেলেংকাৰীত জড়িত থকাৰ সন্দেহত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে DSP ভনীতা নাথ আৰু আৱকাৰী অধীক্ষক মানৱী দাসলৈ জাননী প্ৰেৰণ কৰিছে ৷

Taj mahal ticket online: তাজমহল পৰিদৰ্শনৰ টিকট সংগ্ৰহৰ বাবে QR ক’ডৰ ব্যৱস্থা সংযোজন

টিকট ক্ৰয়ৰ ক্ষেত্ৰত তাজমহলত QR ক’ডৰ ব্যৱস্থাৰ সংযোজন ৷ ইয়াৰ ফলত পৰ্যটকে টিকটগৃহৰ খিৰিকীৰ সমুখত টিকটৰ বাবে দীঘলীয়া শাৰী পাতিব নালাগে ৷ মধ্যভোগীৰ কৱলত নপৰিবলৈ পৰ্যটকলৈ আহ্বান জনাইছে আগ্ৰা উন্নয়ন প্ৰাধিকৰণে ৷

Assam organic tea: মৰিয়নিৰ গ্ৰামাঞ্চলত চাহ পৰ্যটনস্থলী গঢ়ি তোলাৰ প্ৰয়াস

বিশ্বত অসমৰ জৈৱিক চাহৰ আছে এক বিশেষ সুনাম । সেয়েহে অসমৰ চাহ আমেৰিকা, জাপান আৰু ইউৰোপৰ দেশসমূহে আমদানি কৰে । ইপিনে, জৈৱিক চাহৰ সমাদৰ বৃদ্ধি পোৱাত উৎসাহী হৈছে ৰাজ্য়খনৰ চাহ খেতিয়কসকল ।

Ghora mela celebrated in Kampur: 75 বছৰীয়া হ’ল কামপুৰৰ পৰম্পৰাগত ঘোঁৰা মেলা

কামপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ঘোঁৰা মেলা ৷ বিগত ৭৫ বছৰ ধৰি ৰহা সমষ্টিৰ মৰিসূুতিবাসী ৰাইজে সাত্বিকতাৰে উদযাপন কৰি আহিছে এই মেলাৰ ৷ জনবিশ্বাস অনুসৰি এই মেলাত ঘোঁৰা দান দিলে মনৰ কামনা পূৰণ হয় ৷ যাৰ বাবে নৱবৰ্ষত এই মেলাত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়।

Public bus services in Jorhat: যোৰহাটত পুনৰ চলিব ৰাজহুৱা বাছ সেৱা

ইংৰাজী নতুন বৰ্ষৰ দ্বিতীয় দিনটোত যোৰহাটবাসীলৈ এটি সু-খবৰ ৷ পুনৰ যোৰহাটত মুকলি হ’ল ৰাজহুৱা বাছ সেৱা) । মহবন্ধাৰ পৰা যোৰহাটৰ চটাইলৈ চলিব এই বাছ সেৱা । ৰাজহুৱা বাছ সেৱা মুকলি কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মণে ।

Rajouri killings : মৃতকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী স্থানীয় লোকৰ

ৰাজৌৰীৰ ডাংগ্ৰীৰ মেইন চকত বহুসংখ্যক গাঁওবাসী একত্ৰিত হৈ ৰাজৌৰী হত্যাকাণ্ডৰ ভুক্তভোগী নাগৰিকক ন্যায় প্ৰদানৰ দাবীৰ সমৰ্থনত শ্লোগান দিয়ে । "আমাৰ দাবী হৈছে যে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ইয়ালৈ আহি আমাৰ দাবীবোৰ শুনিব লাগে ।" এজন স্থানীয় প্ৰতিবাদকাৰীয়ে এনেদৰে কয় ।

Rajouri militant attack: ৰাজৌৰীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শীঘ্ৰে প্ৰত্যুত্তৰ দিয়া হ'ব; ADGP মুকেশ সিং

ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই জম্মু কাশ্মীৰত ভয়াৱহ সংঘৰ্ষ ৷ পহিলা জানুৱাৰী অৰ্থাৎ দেওবাৰে সন্ধিয়া ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সন্দেহজনক উগ্ৰপন্থীৰ গুলীত 4 গৰাকী সাধাৰণ লোক নিহত হোৱাৰ উপৰিও 9 গৰাকী লোক আহত হয়(4 civilians killed and 9 injured in terror attack) ৷

ABOUT THE AUTHOR

...view details