অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 at 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jul 27, 2021, 4:59 PM IST

অসম-মিজোৰাম সীমান্তত শ্বহীদ আৰক্ষী জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ

সোমবাৰে, অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ৰ ভূমি বিবাদ(land dispute)ৰ ঘটনাক কেন্দ্ৰ দুই ৰাজ্যৰ সীমান্তত সৃষ্টি হৈছিল অশান্ত পৰিস্থিতিৰ ৷ এই পৰিস্থিতিৰ মাজতে মিজো আৰক্ষীৰ গুলিত নিহত হৈছিল অসম আৰক্ষীৰ ৫ জনকৈ জোৱান ৷

মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু : ৰাজ্যত তিনিদিনীয়া শোক পালনৰ নিৰ্দেশ

কাছাৰত মিজো দুৰ্বৃত্তৰ গুলিত নিহত অসম আৰক্ষীৰ পাঁচজনকৈ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ নিৰ্দেশ দিছে ৷ এখন ডব্লিউ টি জাননীৰ জৰিয়তে সকলো চৰকাৰী কাৰ্যালয়লৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ৷

বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা

অসম-মিজাোৰাম সীমান্তৰ বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে, এই ভূমিত অসমৰ বেদখল চলিছে ৷ এই মন্তব্য মিজোৰামৰ সাংসদ চি লালৰচাংগাৰ ৷

কেতিয়া অন্ত পৰিব সীমা বিবাদ: কি কয় মুখ্যমন্ত্ৰীয়ে

২৫ জুলাইত মিজোৰামৰ লগত হোৱা বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অমান্তি হয় মিজোৰামৰ মুখ্য সচিব ৷ পৰৱৰ্তী সময়ত ২৬ জুলাইত অসমৰ উপ-মহাপৰিদৰ্শক আৰু মিজোৰামৰ আৰক্ষী অধীক্ষকৰ লগত আলোচনা চলি থকাৰ সময়তে মিজোৰামৰ পাহাৰত বাঁহৰ পাতি থকা মিজো জোৱানে LMG ৰে গুলীচালনা কৰে ।

অসম-মিজোৰাম সীমান্ত বিবাদক লৈ অমিত শ্বাহক সমালোচনা ৰাহুল গান্ধীৰ

অমিত শ্বাহে দেশবাসীৰ মাজত সৃষ্টি হোৱা ঘৃণা আৰু অন্ধবিশ্বাস আঁতৰোৱাত বিফল হৈছে । যাৰ ফলত ভাৰতে এতিয়া ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব বুলি দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ।

ড৹ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ

মঙলবাৰে ষষ্ঠ সংখ্যক মৃত্যু বাৰ্ষিকীত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম(DR. A P J Abdul Kalam)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু(M Venkaiah Naidu)ৱে । ড০ এ পি জে আব্দুল কালামে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ভূমি বিবাদ : ব্ৰু-হালম সংঘৰ্ষত উত্তপ্ত ত্ৰিপুৰাৰ ডামছেৰা

মঙলবাৰে উত্তৰ ত্ৰিপুৰাৰ ডামছেৰাত ‘ব্ৰু’ আৰু ‘হালম’ সম্প্ৰদায়ৰ মাজত ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাত ৷ পৰৱৰ্তী সময়ত এই সংঘাতে ভয়ংকৰ ৰূপ লয় ৷ এই সংঘাতত 18 জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে বাধ্য হৈ কন্দুৱা গেছ নিক্ষেপ কৰে ৷

Tokyo Olympics : প্ৰতিপক্ষক হৰুৱাই বক্সিঙৰ কোৱাটাৰ ফাইনেলত লাভলীনা

মঙলবাৰে অলিম্পিকৰ (Tokyo Olympic 2020) অভিষেক মেচত জয়লাভ লাভলীনা বৰগোঁহাইৰ (Lovlina Borgohain) ৷ জাৰ্মান বক্সাৰ নাদিনে আপেটজক পৰাজয় কৰিবলৈ সক্ষম হয় লাভলীনাই ৷

আকৌ এনকাউন্টাৰ : পুৱতি নিশা এ টি এম চোৰলৈ আৰক্ষীৰ গুলী

মঙলবাৰে পুৱতি নিশা হোজাই জিলাৰ যমুনামুখত আৰক্ষীৰ গুলীচালনা ৷ যমুনামুখ আৰক্ষীৰ গুলীত আহত এটা চোৰ ৷ আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীয়াবলৈ উদ্যত হয় চোৰটোক ৷

কিয় এই সীমা বিবাদ : অসমক জগৰীয়া কৰিলে মিজোৰামৰ গৃহমন্ত্ৰীয়ে !

অসম-মিজোৰাম সীমা বিবাদ(Assam Mizoram border dispute)ৰ ঘটনাই লৈছে নাটকীয় ৰূপ ৷ সোমবাৰে মিজো দুৰ্বৃত্তৰ হাতত 6 জনকৈ অসম আৰক্ষীৰ জোৱানে প্ৰাণ হেৰুওৱাৰ পিছত মিজোৰাম চৰকাৰে পৰিস্থিতি সম্পৰ্কত বিপৰীত মন্তব্য আগবঢ়াইছে ৷

ABOUT THE AUTHOR

...view details