মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্র সাংসদ অজিত কুমাৰ ভূঞাৰ
ভোট গণনা প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ নিশ্চয়তা প্ৰদান কৰক । ভোট গণনাৰ সমস্ত প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফীত আৱদ্ধ কৰক । এই মন্তব্য় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ ।
নাৰায়ণপুৰত বিহু কৰ্মশালাৰ সফল সামৰণি
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ গাঁৱে-ভূঁঞে বিহু কৰ্মশালাৰে চেনেহৰ বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছে ৷ বাগদেৱী সংগীত বিদ্যালয় আৰু আৰ্টিষ্টিক ডেন্স একাডেমীৰ উদ্যোগত আয়োজন কৰা দহদিনীয়া বিহু কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে ।
কামাখ্যা দৰ্শনলৈ অহা তিনিজনৰ দেহত কৰ’ণা
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা ক'ভিড পৰীক্ষা কাৰ্যসূচীৰ যোগেদি ৬,৮৩৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত ৬১ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত মুঠ ৬৮,০৭৫ গৰাকী লোকৰ কৰ’ণা পৰীক্ষা কৰা হৈছিল ।
বৰপেটাত কাৰাটে প্ৰতিযোগিতা
বৰপেটা জিলাত অনুষ্ঠিত হয় জিলা ভিত্তিক কাৰাটে প্ৰতিযোগিতা ৷ বৰপেটা জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ ৷
ৰাজ্যত প্ৰতিষেধকৰ নাটনি: মজুত মাত্ৰ দুই লাখ পালি
কেন্দ্ৰীয় চৰকাৰে সময়মতে প্ৰতিষেধক যোগান নধৰাৰ বাবে ৰাজ্যত নাটনিয়ে দেখা দিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম)ৰ ৰাজ্যিক মিছন সঞ্চালক ডঃ লক্ষ্মনন এছে দেওবাৰে ইটিভি ভাৰতক জনোৱা মতে, দেওবাৰ পুৱা পৰ্যন্ত তেওঁলোকৰ হাতত মজুত আছে প্ৰায় দুই লাখ পালি প্ৰতিষেধক ।