সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে : দেওবাৰে যোগ দিব বিজেপিত
সালসলনি ঘটিছে বিটিচিৰ নিৰ্বাচনী প্ৰেক্ষাপটত ৷ ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰচাৰ সভা ৷ এনে সময়তে বিপিএফ দল ত্যাগ কৰা বিশ্বজিৎ দৈমাৰীয়ে শনিবাৰে সাংসদ পদৰ পৰাও অব্যাহতি লয় ৷ দৈমাৰীয়ে দেওবাৰে যোগদান কৰিব বিজেপিত ৷
ডিব্ৰুগড়ত ঘৰে ঘৰে ষট পূজা পালন
মহামাৰী Covid 19 ৰ নীতি-নিৰ্দেশনা অনুসৰি ডিব্ৰুগড়ত ঘৰে ঘৰে পালন ষট পূজা ৷ ভক্তসকলে ঘৰতে কৃত্ৰিম পুখুৰী নিৰ্মাণ কৰি এই পূজা পালন কৰে ৷
বাঘজানবাসীৰ প্ৰতিবাদত পুনৰ উত্তপ্ত দুলীয়াজান
নায্য বিচাৰি পুনৰ প্ৰতিবাদত বহিল বাঘজানবাসী ৰাইজ ৷ বাঘজানবাসী আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে উচিত ক্ষতিপূৰণৰ দাবী প্ৰতিবাদকাৰীৰ ৷
জিল বাইডেনৰ নীতি সঞ্চালক হিচাপে নিয়োগ ভাৰতীয় মূলৰ মালা এডিগাক
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে পোন প্ৰথম বাৰৰ বাবে তেওঁ পত্নী জিল বাইডেনৰ নীতি পৰিচালক হিচাপে মালা এডিগাক নিয়োগ কৰিছে ৷ পূৰ্বে বাইডেন-কমলা হেৰিছৰ হোৱাইট হাউছ দখলৰ অভিযানৰ নীতি পৰিচালক হিচাপে দায়িত্ব পালন কৰিছিল মালা এডিগাই ৷
ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ উদযাপন ষট পূজা
শনিবাৰে পুৱাৰ ভাগত ৰাজ্য়ৰ ভিন্নপ্ৰান্তত উদযাপন কৰা হয় হিন্দুসকলৰ অন্যতম ষট পূজা ৷ কৰ’ণা মহামাৰীৰ মাজতে অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে এই ষট পূজা ৷