আঙুৰলতাৰ সমষ্টিত বাজিল কংগ্ৰেছৰ ৰণশিঙা
বটদ্ৰৱাৰ বিজেপি বিধায়িকা আঙুৰলতাৰ সমষ্টিত বুধবাৰে নিৰ্বাচনী ৰণশিঙা বজালে কংগ্ৰেছে । উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি এতিয়া ডুবু ডুবু নাওঁ বুলি কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । বিজেপিৰ দিনতে পৰীক্ষাৰ ছিণ্ডিকেট চলা বুলি দলটোক কঠোৰ সমালোচনা কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷
তিতাবৰত গাঁওৰক্ষী বাহিনীৰ মাজত টৰ্চ লাইট বিতৰণ
যোৰহাটৰ তিতাবৰত গাঁওৰক্ষী বাহিনীৰ মাজত টৰ্চ লাইট বিতৰণ ৷ এই পদক্ষেপ গ্ৰহণ কৰিছে ঠেঙাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদে ৷
তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ সাজু শাসক-বিৰোধী
ৰাজ্যিক নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমুখ সমৰত নামিবলৈ সাজু হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষ ৷ 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 25 নবেম্বৰ ৷
ৰিদম সাংস্কৃতিক গোষ্ঠীৰ পদক্ষেপক প্ৰশংসা সৰভোগবাসীৰ
সাংস্কৃতিক গোষ্ঠী ৰিদমৰ ব্যতিক্ৰমী পদক্ষেপ ৷ সৰভোগৰ ওভাৰ ব্ৰীজখনত চিত্ৰ অংকন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে সাংস্কৃতিক গোষ্ঠীটোৰ সদস্য সকলে ৷ অসমৰ বিভিন্ন ঠাইত থকা দলং,ওভাৰ ব্ৰীজ তথা দেৱালত ব্যক্তিগত খণ্ডৰ বিভিন্ন বিজ্ঞাপন দেখিবলৈ পোৱা যায় ৷ কিন্তু বিজ্ঞাপনৰ পৰিৱৰ্তে এইবাৰ সৰভোগৰ ওভাৰ ব্ৰীজ তথা ৰাজহুৱা দেৱালত দেখিব কিছু ব্যতিক্ৰমী ছবি ৷
পদ প্ৰাদেশিকীকৰণৰ দাবীৰে ভুক্তভোগী শিক্ষকৰ সংবাদমেল
গুৱাহাটী প্ৰেছ ক্লাবত ২০১৩ চনত প্ৰাদেশিকৃত অসমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ অপ্ৰাদেশিকৃত শিক্ষকৰ সংবাদমেল ৷ শীঘ্ৰে পদ প্ৰাদেশিকীকৰণৰ দাবী ৷