গোলাঘাটত শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নামত পথ মুকলি
গোলাঘাটৰ খুমটাইত সোমবাৰে মুকলি কৰা হয় বীৰ শ্বহীদ জিন্টু গগৈৰ নামেৰে নামাকৰণ কৰা এটা পথৰ ৷ খুমটাইৰ বিধায়ক মৃনাল শইকীয়া আৰু কৃষিমন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাবে মুকলি কৰে খুমটাইৰ পৰা বাদুলিপাৰ সংযোগী প্ৰায় ৭ কিল’মিটাৰ দৈৰ্ঘৰ পথটো ৷
দুৰ্যোগৰ মাজতে দীপাৱলীলৈ আতচবাজী প্ৰস্তুত বৰপেটাৰ শিল্পীৰ
বৰপেটাৰ ঐতিহ্যক জীয়াই ৰখাৰ স্বাৰ্থতেই পলমকৈ হ’লেও আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পী সকলে ৷ বিগত বছৰবোৰৰ তুলনাত এইবেলি আতচবাজী প্ৰস্তুতৰ ক্ষেত্ৰত অধিক সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে শিল্পটোৰ সৈতে জৰিত লোকসকল ৷ বিশেষকৈ এইবেলি ক’ৰনাৰ বাবে বজাৰখনৰ কথা চিন্তা কৰি বহু দেৰিকৈ আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰা হৈছে ৷ ক’ৰনাত আতচবাজী শিল্পটোৰ ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে যদিও চৰকাৰে কোনো ধৰণে সহায়ৰ হাত আগবঢ়োৱা নাই ৷
UPPL জয়ী হ'লে বড়োভূমিত সকলোৱে লাভ কৰিব সম অধিকাৰঃপ্ৰমোদ বড়ো
সোমবাৰে বাক্সা জিলাৰ শালবাৰীত অনুষ্ঠিত হয় ইউপিপিএল দলৰ এখন নিৰ্বাচনী সভা ৷ সভাত উপস্থিত থাকি ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ইউপিপিএল দল শাসনলৈ আহিলে বিটিএডিত সকলোকে ভূমিৰ অধিকাৰ, সামাজিক অধিকাৰ, ৰাজনৈতিক, শিক্ষা, সাংস্কৃতিক অধিকাৰ প্ৰদান কৰাৰ লগতে বিটিএডিৰ পৰা কোনো উচ্ছেদ নহয় বুলিও মন্তব্য কৰে ৷
মুছলপুৰত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ড কেন্দ্ৰ মুকলি
বাক্সাত বৰ্তমান স্থাপন কৰা হৈছে ১২ টা আধাৰ কাৰ্ড বনোৱা মেচিন ৷
এন এছ চি এন(আই এম)য়ে ৰাজনৈতিক নেতাক ধন দাবীৰ আশংকা
চোৰাংচোৱা সংস্থাৰ এক সূত্ৰৰ মতে এন এছ চি এন (আই এম) ৰ কেডাৰে এতিয়া অব্যাহত ৰাখিছে ধন দাবী, হত্যা আৰু লুণ্ঠন । তদুপৰি সংগঠনটোৱে ৰাজনৈতিক নেতালৈ দিছে ধন দাবী পত্ৰ আৰু এই ধন দাবী পত্ৰ ইতিমধ্যে প্ৰেৰণ হৈছে । কিন্তু এতিয়া প্ৰশ্ন হৈছে এই ধন দাবী অসমৰ তথা চুবুৰীয়া সীমান্তৰ কোনো ৰাজনৈতিক দলৰ নেতালৈ প্ৰেৰণ কৰিছে নেকি !