পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন
ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথি ৷ এই তিথিতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ইহলীলা সামৰি বৈকুণ্ঠলৈ গমন কৰিছিল ৷ সেই অনুসৰি বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ, ৰাজহুৱা অনুষ্ঠান আদিত গুৰুজনাৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে ৷
ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...
সংগীতেৰে অসমবাসীৰ মাজত আজিও জীয়াই থকা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) আজি ওপজা দিন ৷ অসমীয়া সমাজ জীৱনলৈ গীত আৰু বোলছবিৰ জৰিয়তে এক মেটমৰা সম্ভাৰ দি যোৱা এইগৰাকী মহান শিল্পীক আজি সুঁৱৰিছে সমগ্ৰ দেশে ৷
পত্নী আয়েশাৰ সৈতে বিবাহ বিচ্ছেদ শিখৰ ধৱনৰ
ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱন(Shikhar Dhawan) আৰু পত্নী আয়েশা মুখাৰ্জী(Aesha Mukerjee)ৰ মাজত বিবাহ বিচ্ছেদ(Divorce) ৷ বিবাহৰ 8 বছৰৰ অন্তত হোৱা এই বিচ্ছেদৰ পাচতে ইনষ্টাগ্ৰামযোগে এই কথা ঘোষণা কৰে আয়েশাই ৷
7.0 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল মেক্সিকো: এজনৰ মৃত্যু
মেক্সিকো(Mexico)ত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি ৷ প্ৰায় 7.0 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এজনৰ মৃত্যু ৷ মেক্সিকো( Mexico)ৰ Acapulco অঞ্চলৰ ১৭ কিলোমিটাৰ(প্ৰায় ১০ মাইল)ত উত্তৰ-পূৱত ভূমিকম্পটোৰ কেন্দ্ৰস্থল আছিল ৷ এইপৰ্যন্ত চুনামি(tsunami) সম্পৰ্কীয় কোনো ধৰণৰ সতৰ্কতাৰ বিষয়ে সদৰী কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৷
কঁহৰাত কোষাগাৰৰ পৰা 482 টা গঁড়ৰ খড়্গৰ পৰীক্ষা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) কঁহৰা অঞ্চলত দুদিনীয়া কাৰ্যসূচীৰে গঁড়ৰ খড়্গ(Rhino Horn) পুনৰীক্ষণ কৰা হৈছে ৷ অঞ্চলটোত গঁড়ৰ খড়গ পৰীক্ষা কৰি কোষাগাৰৰ পৰা 482 টা খড়গ পোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে জানিবলৈ দিয়ে ।