অসম

assam

ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ - গৌতম ধানোৱাৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ

TOP 10 AT 3 PM
3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Mar 13, 2021, 3:00 PM IST

কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য গৌতম ধানোৱাৰৰ

কংগ্ৰেছ দলৰ বিৰুদ্ধে ডিগবৈৰ প্ৰয়াত কংগ্ৰেছী বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰৰ ক্ষোভ ৷ সংবাদমেল আয়োজন কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য নেতাগৰাকীৰ ৷ কংগ্ৰেছৰ অসম বচাওঁক অভিযানৰ বিপৰীতে কিছু সংখ্যক জ্যেষ্ঠ নেতাৰ পৰা কংগ্ৰেছে নিজক বচোৱাৰ অভিযান চলোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে গৌতম ধানোৱাৰে ৷

প্ৰাক নিৰ্বাচনী হিংসা:বিজেপি কৰ্মীক চুৰিৰে হানি-খুচি হত্যা দুৰ্বত্তৰ

শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিতা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমডুমা নগাঁৱৰ বিজেপি দলৰ বুথ সমিটিৰ সভাপতি দেবানন্দ গগৈৰ বাসগৃহ ৷ কোনো দুৰ্বৃত্তই শুকুৰবাৰে সন্ধিয়া বিজেপিৰ বুথ সমিতিৰ সভাপতি দেবানন্দ গগৈক চুৰিৰে হানি-খুচি হত্যা কৰিছিল ৷
মৰিয়নীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে মৰিয়নীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ৷ ৰমনী তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ গৰাকীৰ ৷

তৃণমূল কংগ্ৰেছত যোগদান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হাৰ

শনিবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হাই ৷ বৰ্তমানৰ বিজেপি চৰকাৰ আৰু অটল বিহাৰী বাজপেয়ীৰ সময়ৰ চৰকাৰৰ মাজত নীতিগত পাৰ্থক্য থকা বুলি মন্তব্য প্ৰাক্তন নেতা গৰাকীৰ ৷

আজি অন্ত পৰিব চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ

বৃহস্পতিবাৰৰ পৰা শিৱসাগৰৰ শিৱ দ'লত আৰম্ভ হোৱা চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ আজি সামৰণি পৰিব ৷ বিয়লি 3বজাত আনুষ্ঠানিক ভাৱে অন্ত পৰিব তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এইবাৰৰ শিৱৰাত্ৰী ৷

তিতাবৰত চাহ শ্ৰমিকৰ সৈতে ঝুমুৰ নৃত্যত ব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱা

তিতাবৰত চাহ শ্ৰমিক ভোটাৰৰ লগত ঝুমুৰ নাচি আত্মহাৰা হ'ল কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱা ৷ নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন জয় কৰাৰ বাবে প্ৰাৰ্থী গৰাকীয়ে হাতত লৈছে ন-ন কৌশল ৷

শতাধিক সমৰ্থকৰ সৈতে পদ্ম হাজৰিকাৰ পদযাত্ৰা

শোণিতপুৰৰ চাৰিদুৱাৰ লখৰাত পদ্ম হাজৰিকাৰ পদ যাত্ৰা ৷ পদযাত্ৰাত শ শ সমৰ্থকৰ অংশ গ্ৰহণ ৷ পদযাত্ৰা কৰি লখৰাত বিজেপিৰ এটা কাৰ্যালয় মুকলি কৰে হাজৰিকাই ৷ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীক ৰাইজে চিৰ বিদায় দিব বুলি মন্তব্য হাজৰিকাৰ ৷

অসমত পুনৰ বিজেপি চৰকাৰৰ হ'ব: ৰঞ্জিত দত্ত

অসমত পুনৰ গঠন হ’ব বিজেপি দলৰ চৰকাৰ ৷ এই মন্তব্য ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷ বিহালী সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত ৷ শুকুৰবাৰে সন্ধিয়া বৰগাং ছেন্টাৰ পৰা মৰাণ গাঁও হৈ প্ৰায় 7 হাজাৰৰো অধিক দলীয় কৰ্মীক লগত লৈ পদযাত্ৰা কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ৷

ৰূপহীহাটত নিশা নিৰ্দলীয় প্ৰাৰ্থীক দুৰ্বৃত্তৰ আক্ৰমণ

ৰূপহীহাটত দুৰ্বত্তৰ আক্ৰমণৰ বলি নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামা ৷ স্থানীয় একাংশ লোকৰ সহযোগত আৰক্ষীয়ে প্ৰাৰ্থী গৰাকীক উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰে প্ৰাৰ্থীগৰাকীক ৷

বৰ শক্তিশালী নহলেও ওৱেইচি-দিনাকৰণ জোঁটৰ আছে সম্ভাৱনা

AIMIM ৰ টিটিভি দিনাকৰণৰ AMMK ৰ সৈতে নিৰ্বাচন কেন্দ্ৰিক জোঁট গঠন ৷ এই জোঁট বন্ধনে ভোটাৰৰ মেৰুকৰণ কৰিবলৈ সক্ষম হ'ব নে নহয়, সেয়া এক ডাঙৰ প্ৰশ্ন যদিও এ এম এম কে দল অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা ৷

ABOUT THE AUTHOR

...view details