গোৱাত সুৰংগৰ দেৱাল খহি ব্যাহত ৰে’লসেৱা
উত্তৰ গোৱাৰ অন্যতম জিলা পেৰনেমত নিশা প্ৰায় 2.50 বজাত সংঘটিত উক্ত ঘটনাৰ ফলত সুৰংগটোৰ দেৱালৰ প্ৰায় পাঁচ মিটাৰ অংশ সম্পূৰ্ণৰূপে খহি যায় ৷ কোংকন ৰে’লৱে কৰ্প’ৰেশ্বন লিমিটেডে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই পথেৰে ৰে’লৰ চলাচল বন্ধ ৰাখিছে ৷ এতিয়াৰে পৰা এই পথছোৱাৰে চলিবলগীয়া ৰে’লসমূহ লোণ্ডা হৈ চলাচল কৰিব ৷ কিন্তু কোনো ৰে’লৰ চলাচল বাতিল নকৰা বুলি লিমিটেডে প্ৰকাশ কৰে ৷
সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ বিয়োগ
মহাপ্ৰয়াণ ঘটিল মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ ৷ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ ৷
ভাৰতীয় জনতা পাৰ্টীৰ 95 শতাংশ বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ড ভালঃ বিধায়ক ৰণজিৎ দাস
বিজেপিৰ 15 গৰাকী বিধায়কে টিকত নাপাব বুলি কোৱা কথাটো একেবাৰে ভিত্তিহীন বুলি মন্তব্য বিজেপি সভাপতি তথা বিধায়ক ৰণজিৎ দাসৰ ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যৰ 95 শতাংশ বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ড ভাল ৷ কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু AIUDF ৰ মাত্ৰ 10 গৰাকী বিধায়কৰ ৰিপ'ৰ্ট ভাল l
শিলাদিত্য দেৱ এজন পাগলৰ লগতে ছাগলী : প্ৰতিবাদকাৰী
ৰাজ্যজুৰি অব্যাহত বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বিজয়ী চৈয়দ আব্দুল মালিককলৈ কটো মন্তব্য কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ ৷
ক'ভিড-19 : 10 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক
COVID-19 মহামাৰী সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে বৈঠকত মিলিত হ'ব দহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ ৰাজ্যকেইখন হৈছে উত্তৰ প্ৰদেশ,তামিলনাডু,পশ্চিমবংগ,পঞ্জাৱ,তেলেংগানা,মহাৰাষ্ট্ৰ,গুজৰাট,বিহাৰ আৰু কৰ্ণাটক ৷