অসম

assam

ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 @ 3 PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jul 1, 2020, 3:03 PM IST

ৰঙিয়া থানাৰ দুগৰাকী আৰক্ষীৰ দেহত Covid 19

Covid 19ত আক্ৰান্ত হৈছে ৰঙিয়া থানাৰ দুগৰাকী আৰক্ষী ৷ সম্প্ৰতি মিৰ্জাৰ পতঞ্জলি কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আক্ৰান্ত আৰক্ষী দুগৰাকীক ।

পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ

বাওঁপন্থী ৰাজনৈতিক দল চিপিআই আৰু চিপিআই(এম এল) য়ে বুধবাৰে তেজপুৰত সামাজিক দুৰত্বত বজাই ৰাখি দেশত উদ্বেগজনকভাৱে হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

১০ বছৰৰ বাবে নিলম্বন ফীফাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰ

ফীফা তথা "Federation Internationale de Football Association"মঙলবাৰে ১০ বছৰৰ বাবে নিলম্বন কৰে কমিটিখনৰ ভাৰপ্ৰাপ্ত সাধৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰক । ফীফাৰ নিয়ম উলংঘা তথা অপব্যৱহাৰ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে কমিটিখনে ।

চ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ

জম্মু-কাশ্মীৰৰ চ'প'ৰেত অব্যাহত আছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত এই এজন চিআৰপিএফ জোৱান আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আন ৩ গৰাকী নিৰাপত্তাৰক্ষী।

মটঙা নদীৰ খহনীয়াত নদীত জাহ গ'ল শ শ বিঘা কৃষি ভূমি

বাক্সা জিলাৰ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ইক্ৰাজুলি দৈমাবাৰীত মটঙা নদীয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া । নদীত জাহ গৈছে বিঘাই বিঘাই কৃষি ভূমি। বিগত ১৭ বছৰ ধৰি মটঙানদীয়ে সৃষ্টি কৰি আহিছে গৰাখহনীয়াৰ ।

দিল্লীত ৪৩৬ টালৈ বৃদ্ধি কণ্টেইনমেণ্ট জ'নৰ সংখ্যা

২৬ জুনত দিল্লীত মুঠ ২৮০ টা কণ্টেইনমেণ্ট জ'ন আছিল। ২৭ জুনৰ পৰা ক্ৰমাৎ এই সংখ্যা বৃদ্ধি হৈ এতিয়া কণ্টেইনমেণ্ট জ'নৰ সংখ্যা মুঠ ৪৩৬ টা হৈছে। দিল্লী চৰকাৰে প্ৰকাশ কৰা অনুসৰি ২১ জুনৰ পাছত দিল্লীত নতুনকৈ ১৯৮ টা কণ্টেইনমেণ্ট জ'নৰ সংখ্যা বৃদ্ধি হৈছে।

নিঃচিহ্ন হোৱাৰ পথত বাক্সাৰ এখন গাঁও

বাক্সাৰ গোৰেশ্বৰৰ বেটাগাঁৱত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ পুঠিমাৰী নৈয়ে সৃষ্টি কৰা খহনীয়াৰ তাণ্ডৱ দেখি ভীতিগ্ৰস্ত হৈ পৰিছে গাঁওবাসী ৷ ইফালে কাণসাৰ নাই জনপ্ৰতিনিধিৰ ৷

তামিলনাডুত বিস্ফোৰণঃ ৪ জন নিহত, ১৭ গৰাকী আহত

তামিলনাডুত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত ৪ জন নিহত, ১৭ গৰাকী আহত হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হয়।

কন্যকা বহুমুখী কৃষি পামত থলুৱা প্ৰজাতিৰ ধানৰ কঠিয়া ৰোপণ

কৃষি বিপ্লৱৰ সূচনাৰে কন্যকা বহুমুখী কৃষি পামত ৰোপণ কৰা হৈছে থলুৱা প্ৰজাতিৰ কেইবাটাও উন্নত মানৰ লগতে পথাৰৰপৰা হ্ৰাস পোৱা ধানৰ কঠিয়া ৷ ৰোৱনীসকলক এই কাৰ্যত উৎসাহ যোগাই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

চিকিৎসাধীন লোকৰ মৃতদেহ উদ্ধাৰঃ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

10 জুনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা লোকৰ মৃতদেহ,চিকিৎসালয় খনৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচৰ দিন ধৰি পৰিয়ালক লোকক লগ কৰিবলৈ দিয়া হোৱা নাছিল লোকজনৰ সৈতে ৷

ABOUT THE AUTHOR

...view details