অসম

assam

By

Published : Oct 13, 2020, 1:06 PM IST

ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা খবৰ

1 বজাৰ শীৰ্ষ 10 টা খবৰ

TOP 10 AT 1PM
1 বজাৰ শীৰ্ষ 10 টা খবৰ

আগৰতলাত বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ

আগৰতলাৰ ৱাধাৰঘাট কেশৱ সংঘ ক্লাবৰ বিপৰীতে থকা এক গুদামৰ পৰা ফেঞ্চিডাইল জব্দ কৰে এন ডি নগৰ আৰক্ষীয়ে । প্ৰায় 33 হেজাৰ ফেঞ্চিডাইল জব্দ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

আৰক্ষীৰ তৎপৰতাত ধৃত তিনি গাড়ী চোৰ

কৰিমগঞ্জ আৰক্ষীৰ কবলত পৰিছে গাড়ী চোৰ চক্ৰৰ লগত জড়িত তিনি ব্যক্তি ৷ চালকক হত্যা কৰি গাড়ী চুৰি কৰি আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰক বিক্ৰী কৰাৰ উদ্দেশ্যে তিনি ব্যক্তিয়ে পৰিকল্পনা যুগুত কৰিছিল যদিও এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাৰ বাবে সেয়া ব্যৰ্থ হয় ৷ অৱশেষত এই চক্ৰটোৰ লগত জড়িত তিনিজন ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জ আৰক্ষী

খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ISL ৰ 7 গৰাকী খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত

ইণ্ডিয়ান চুপাৰ লীগ (আইএছএল) ফুটবল চিজনৰ 7 গৰাকী খেলুৱৈ আৰু এজন সহকাৰী প্ৰশিক্ষক COVID-19 ত আক্ৰান্ত ৷ ইতিমধ্যে, ক'ভিড পৰীক্ষণ সম্পূৰ্ণ কৰি আছুতীয়াকৈ ৰখা হৈছে খেলুৱৈ সকলক ৷

ক'ভিড-19 ৰ ভেকচিন পৰীক্ষা অস্পষ্ট ৰোগীৰ ক্ষেত্ৰত সামূহিকভাৱে স্থগিত

COVID-19 ভেকছিনৰ পৰীক্ষা অস্পষ্ট ৰোগীৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিত ৷ জনছন নামৰ কোম্পানীটোৰ পৰীক্ষা স্থগিত ৷ যিটো সংস্থাৰ ভাইৰাছ পৰীক্ষণ কৰিবলৈ 60,000 স্বেচ্ছাসেৱকক নামভৰ্তি কৰাৰ লক্ষ্য আছিল ।

অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ অভিযান

সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ধেমাজি আৰক্ষীৰ ৷ আবকাৰী বিভাগৰ সৈতে ধেমাজি আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী ৷

হোজাই পুনৰ আৰক্ষীৰ জালত অবৈধ কয়লা ভৰ্তি ট্ৰাক

হোজাই জিলাত সপ্তাহটোৰ ভিতৰতে পুনৰবাৰ জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক। ডিমা হাচাও জিলাৰ হাফলঙৰ পৰা অবৈধ কঢ়িয়াই আনিছিল কয়লাখিনি।

বদৰপুৰ মণ্ডল বিজেপিৰ যুৱ মুৰ্চাৰ পূৰ্ণাংগ কমিটি গঠন

মিছন-100ৰ টাৰ্গেট লৈ সোমবাৰ কৰিমগঞ্জৰ বদৰপুৰ চহৰ মণ্ডল যুব মৰ্চাৰ পূৰ্ণাংগ কমিটিৰ তালিকা প্ৰকাশ ৷ আশিষ দাসক মৰ্চাৰ সভাপতিৰ দায়িত্ব প্ৰদান ৷

আইপিএলঃ ভিলিয়াৰ্ছ-কোহলীৰ যুটিৰ সুন্দৰ প্ৰদৰ্শন

ৰয়েল চেলেঞ্জাৰ বাংগালোৰ(RCB)ৰ এ বি ডি ভিলিয়াৰ্ছ আৰু বিৰাট কোহলীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত প্ৰথম যুটি হিচাপে পৰিণত হৈছে । দুয়োগৰাকী বেটছমেনে শ্বাৰজাহ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 47 টা বলত 100 ৰান কৰিবলৈ সক্ষম হৈছে ৷

গোলাঘাটত অবৈধ খাৰুৱা তেলৰ বেহাঃ আৰক্ষীৰ জালত চোৰাং ব্যৱসায়ী

গোলাঘাটত সক্ৰিয় হৈ উঠিছে খাৰুৱা তেলৰ অবৈধ বেহা। ONGC ৰ খাদৰ পৰা সৰবৰাহ হোৱা অবৈধ খাৰুৱা তেলৰ বৃহৎ ক'লা বজাৰ গোলাঘাটত । ONGC ৰ Mobile Patrolling Unit ৰ সহযোগত গোলাঘাট আৰক্ষীয়ে দুখনকৈ খাৰুৱা তেলৰ ট্ৰেংকাৰ জব্দ কৰাৰ পাছত পোহৰলৈ আহিছে বিভিন্ন বিস্ফোৰক তথ্য।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক গাফিলতিৰ অভিযোগ

জি ডি ছি এল নামৰ এটা প্ৰতিষ্ঠানৰ নামত আবন্টিত পথটোৰ সম্প্ৰসাৰণৰ কাম শেহতীয়াকৈ লিংকন নামৰ এটা প্ৰতিষ্ঠানক উপ-ঠিকা প্ৰদান কৰা হয় যদিও প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ABOUT THE AUTHOR

...view details