অসম

assam

ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 11AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Mar 11, 2021, 11:01 AM IST

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জুৰুলা নগাঁও কংগ্ৰেছঃ জ্বলিল বেনাৰ,হ'ৰ্ডিং

প্ৰাৰ্থিত্বক লৈ নগাঁও কংগ্ৰেছত জ্বলিছে এতিয়া ক্ষোভৰ জুই ৷ নগাঁৱৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাক বঞ্চিত কৰি প্ৰয়াত প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ পুত্ৰ তথা কংগ্ৰেছ নেতা শান্তনু শৰ্মাক প্ৰাৰ্থিত্ব দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ ৷ বুধবাৰে নিশা ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে নগাঁও টাউন ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। নগাঁও টাউন ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ বেনাৰ,হ'ৰ্ডিং সমৰ্থকসকলে জ্বলাই দিয়াৰ লগতে ৰিপুণ বৰা মুৰ্দাবাদ,প্ৰদ্যুৎ বৰদলৈ মুৰ্দাবাদ,ৰকিবুল হুছেইন মুৰ্দাবাদ আদি শ্ল'গান দিয়ে টিকট বঞ্চিত ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থক সকলে ৷

সোণোৱাল চৰকাৰৰ পৰিৱৰ্তনে চুব নোৱাৰা দেৰগাঁও সমষ্টিৰ এটা পথ

যোৰহাট টাউনৰ পৰা মাত্ৰ 4 km আতঁৰত থকা এটা পথে জ্বলা-কলা খুৱাইছে পথচাৰীক ৷ বোকা-পানীৰে পৰিপূৰ্ণ পথ দেখিলে আপুনিও ক'ব যেন এইটো পথ নহয় খেতি পথাৰহে ৷ প্ৰায় 100 খন গাঁৱৰ মানুহে অহা যোৱা কৰা পথটো পুনৰ নিৰ্মাণ তথা উন্নয়ন কৰা কথা চিন্তা কৰিবলৈ সময় নাপালে বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে ৷ বছৰৰ পাছত বছৰ ধৰি তেনেকৈয়ে ৰ'ল পথটোৰ অৱস্থা ৷

ৰাইজৰ দলে প্ৰকাশ কৰিলে 'ভিজন ডকুমেণ্ট'

বিজেপি চৰকাৰে কৰ্তন কৰা বিশেষ ৰাজ্যৰ মৰ্য্যদা ৰাইজৰ দলৰ চৰকাৰ হ’লে পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব। সেইদৰে এক সময় নিৰ্দিষ্ট সাপেক্ষে অসম চুক্তিৰ পূৰ্ণ ৰূপায়ণ কৰাৰ কথাও ৰাইজৰ দলে ভিজন ডকুমেন্টত উল্লেখ কৰে ।

প্ৰিয়ংকা গান্ধীক সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰিয়ংকা গান্ধী চাহ বাগানলৈ অহাৰ বাবে ভাল হৈছে ৷ অসমত বিজেপি চৰকাৰে বাগিচা সমূহৰ বাবে কৰা উন্নয়নসমূহ দেখিলে ৷ ইয়াৰ লগতে শ্ৰমিকৰ ঘৰত সোমাই চাহ খোৱাটো বিজেপিৰ বাবে ভাল খবৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দৰিদ্ৰলৈ আগবঢ়োৱা ৰন্ধন গেছত তেওঁ চাহ খাই গৈছে ৷ কিছুদিন পূৰ্বে বিশ্বনাথ চাৰিআলিলৈ অহা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী সন্দৰ্ভত বিজেপিৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি এইদৰে কংগ্ৰেছ নেত্ৰীগৰাকীক কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

কংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ

2021ৰ বিধানসভা নিৰ্বাচনৰ বাবে বুধবাৰে প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিলে দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থিত্বৰ তালিকা ৷ ন-পুৰণি নেতাৰ সমাহাৰেৰে 26টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে ৷

বগৰীবাৰীৰ বাণাক্ৰান্তৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই

ৰঙিয়াৰ বগৰীবাৰীত বিগত বছৰৰ প্ৰলয়ংকাৰী বানে সংহাৰ চলোৱা প্ৰায় আদমাহ হ'ল ৷ এই আদমাহত এবাৰো গাঁওবাসীৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই ৷ ৰ'দ,বৰষুণ, ধুমুহাৰ পাচতো নৈ মথাউৰিতে মাহৰ পাচত মাহ পাৰ কৰিলে বহু পৰিয়ালে ৷ নৈৰ বুকুত ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলো হেৰুৱাই সৰ্বস্ৰান্ত হোৱা পৰিয়ালবোৰে আৰ্থিক সংকতৰ মাজেৰ অতিবাহিত কৰিছে দিন ৷

চান্দমাৰীত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ৰণডংকা

বুধবাৰে মহানগৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰৰ বাকৰিৰ পৰা নিৰ্বাচনী ৰণডংকা বজালে ৰাজ্যিক বিজেপিয়ে ৷ এই নিৰ্বাচনী প্ৰচাৰত দলটোৰ পাঁচ বছৰৰ কামৰ খতিয়ান দাঙি ধৰে দলীয় নেতৃত্বই ৷

আলগাপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

আলগাপুৰ সমষ্টিত অগপ প্ৰাৰ্থী প্ৰদানক লৈ অসন্তুষ্ট হৈ পৰিছে একাংশ বিজেপি কৰ্মী ৷ বুধবাৰে সমষ্টিটোৰ কাটাখল বিজেপি মণ্ডল কাৰ্যালয়ৰ সম্মূখত অগপৰ পৰিৱৰ্তে বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে ৷

বিজেপিৰ পৰা পদত্যাগ দিলীপ পালৰ

মনৰ ক্ষোভ ব্যক্ত কৰি দিলীপ পালে কয়, মুখ্যমন্ত্ৰী ভাল মানুহ কিন্তু বহিৰাগত নেতাসকলৰ বাবেহে এইবাৰৰ প্ৰাৰ্থিত্ব প্ৰদানত খেলিমেলি হৈছে ৷

মৰিগাঁৱত যাত্ৰীবাহী বিলাসী বাছৰ পৰা জব্দ অবৈধ মাৰণাস্ত্ৰ

মৰিগাঁও আৰক্ষীৰ আন এক সফল অভিযান ৷ নিৰ্বাচনৰ পূৰ্বে মৰিগাঁও আৰক্ষীয়ে জব্দ কৰে অবৈধ মাৰণাস্ত্ৰ ৷ যাত্ৰীবাহী বিলাসী বাছৰ পৰা জব্দ এটা .2mm আৰু 9mm পিষ্টল,8জাঁই সজীৱ গুলী আৰু এটা মেগজিন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত মৰিগাঁও আৰক্ষীৰ ৷

ABOUT THE AUTHOR

...view details