জৰুৰী অৱস্থাৰ বাবে মুকলি মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি
নতুনকৈ 'মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি' প্ৰৱৰ্তন(Introduction of Chief Minister Public Emergency Scheme) । আঁচনিখনৰ ৰূপায়ণৰ বাবে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিদের্শনা । জৰুৰী অৱস্থাত ক্ষীপ্ৰতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱাৰ লক্ষ্য এই আঁচনিৰ জৰিয়তে ।
অসম জাতীয় পৰিষদ এৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে
অসম জাতীয় পৰিষদৰ জন্মলগ্নৰে নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে ত্যাগ কৰিলে দল (AJP founder member Chittaranjan Basumatary resigns) ৷ চিত্তৰঞ্জন বসুমতাৰী ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থী আছিল । মাজুলীৰ উপ নিৰ্বাচনতো আছিল অজাপৰ প্ৰাৰ্থী ৷
য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা
অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে । ১ জুনত মঙলদৈত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব । বঁটাত আছে এটা স্মাৰক, সম্বর্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বর্ধনা বস্ত্ৰ আৰু পঁচিশ হাজাৰ টকাৰ চেক ।
পি পি ই কিটৰ ৰহস্যঃ চি বি আই তদন্ত দাবী বিৰোধী দলপতিৰ
অসম চৰকাৰে চীনৰ পৰা অনা পি পি ই কিটৰ প্ৰসংগক লৈ সৰৱ বিৰোধী দলপতি দেবব্ৰত শইকীয়া ৷ তেওঁ এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰে, যাতে সকলো কথা স্পষ্ট হয় ।
ভয়ংকৰ বাঘজানকাণ্ডৰ দুবছৰঃ 'কলা দিন' পালন ৰাইজৰ
বাঘজান অইল বিস্ফোৰণকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণ হ'ল । বিগত ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজান BGN-5 নং তৈল কূপত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত অভিশপ্ত বাঘজান অইল বিস্ফোৰণকাণ্ডৰ প্ৰতিবাদত দ্বিতীয় বাৰ্ষিক ক'লা দিন উদযাপন ।