অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Nov 8, 2021, 11:06 AM IST

top 10 at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ বাসগৃহত হঠাৎ CBI ৰ তালাচী

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াৰ বাসভৱনত CBIৰ তালাচী ৷ পুৰণি গোচৰৰ অনুসন্ধানত CBI য়ে চলালে এই তালাচী ৷

CBI য়ে গ্ৰেপ্তাৰ কৰিলে হিতেশ্বৰ শইকীয়াৰ পুত্ৰক

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ আশোক শইকীয়াক গ্ৰেপ্তাৰ ৷ ঋণ কেলেংকাৰীৰ গোচৰত CBI য়ে গ্ৰেপ্তাৰ কৰে আশোক শইকীয়াক ৷

ভাতৃ অশোক শইকীয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক’লে দেৱব্ৰত শইকীয়াই ?

অৱশেষত CID য়ে গ্ৰেপ্তাৰ কৰিলে ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰক ৷ সম্প্ৰতি, এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে আশোক শইকীয়াৰ জ্যেষ্ঠ ভাতৃ তথা জ্যেষ্ঠ কংগ্ৰছী নেতা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ চাওঁ আহক কি ক’লে দেৱব্ৰত শইকীয়াই ৷

উপ-নিৰ্বাচনৰ ফলাফলত সুখী বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব

সদ্য ঘোষিত উপ-নিৰ্বাচনৰ ফলাফলক লৈ সুখী বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব ৷ দেওবাৰে বিজেপিৰ ভাৰ্চুৱেল ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত এই কথা প্ৰকাশ কৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।

আই কে সংবিজিতে ক’লে ‘‘মই সন্ত্ৰাসবাদী কিম্বা হত্যাকাৰী নহয়’’

কামৰূপ আৰু মৰিগাঁও জিলা কাৰ্বি সমাজৰ উদ্যোগত দেওবাৰে পাথৰকুঁৱেৰী ক্ৰীড়া সন্থাৰ খেলপথাৰত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয় ।

আকৌ 2G স্পেকট্ৰাম : মনমোহন সিঙৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ফাদিল !

2G স্পেকট্ৰাম কেলেংকাৰীৰ নামত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক অতি চক্ৰান্তমূলকভাবে জড়িত কৰা হৈছিল নেকি ? কোন কোন জড়িত আছিল এই ষড়যন্ত্ৰৰ অন্তৰালত ৷ ফাদিল হৈছে ৰহস্য ৷

নিজকে জয়াললিতাৰ কন্যা বুলি দাবী কৰিলে এইগৰাকী মহিলাই !

আমি সকলোৱে জানো যে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতা অবিবাহিত আছিল । কিন্তু হঠাৎ চেন্নাইত এগৰাকী মহিলাৰ দাবী, তেওঁ হেনো জয়াললিতাৰ কন্যা । কোন সেইগৰাকী মহিলা ?

পুনৰ ত্ৰিপুৰী সকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত উত্তল হ’ব দিল্লী

পুনৰ পৃথক টিপ্ৰালেণ্ড'ৰ দাবী উত্থাপিত হ’ব দিল্লীত ৷ ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (আইপিএফটি)য়ে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত নৱগঠিত 'টিপ্ৰা'ৰ সৈতে যুটীয়াভাৱে দিল্লীত সাব্যস্ত কৰিব প্ৰতিবাদ ৷

লাভলীনাৰ খেলৰত্ন বঁটা লাভ; সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে মনৰ ভাৱ

দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত হোৱাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ।

আথিয়া চেট্টীলৈ কে এল ৰাহুলৰ জন্মদিনৰ উপহাৰ

অৱশেষত সম্পৰ্ক ৰাজহুৱা হ’ল ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু আথিয়া চেট্টীৰ ৷ আথিয়াৰ জন্মদিন উপলক্ষে পূৰ্বে উঠা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ৰাহুলে মৰমেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷

ABOUT THE AUTHOR

...view details