ক'ভিডত আক্ৰান্ত শিশুৰ বাবে আছুতীয়া চিকিৎসা সেৱা: স্বাস্থ্যমন্ত্ৰী
ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভিডিঅ' কনফাৰেন্স ৷ জিএমচিএইচত নিশা থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক । ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ এতিয়াও বিশেষ হ্ৰাস নোপোৱাত উদ্বিগ্ন স্বাস্থ্যমন্ত্রী ।
মৰিগাঁৱত মঙলবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত 18 টা শিশু
মৰিগাঁৱত মঙলবাৰ দিনটোতে 18 টাকৈ শিশু কৰ'ণা (Covid-19)ত আক্ৰান্ত হোৱাৰ লগতে যোৱা সপ্তাহত মুঠ 159 টি শিশু ক'ৰণাত আক্ৰান্তহৈ চিকিৎসাধীন হৈ আছে ৷
SI কেলংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণৰ স্বাস্থ্যৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ
এছ আই নিযুক্তি কেলেংকাৰীৰ (SI scam) মূল অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণ (Kumar Sanjeet Krishna) ছমাহ ধৰি জি এম চি এইচৰ (GMCH) পেয়িং কেবিনত। এতিয়াও কিয় সুস্থ হোৱা নাই, আদালতে জবাবদিহি কৰিলে জি এম চি এইচ কৰ্তৃপক্ষক। চি আই ডিৰ (CID) মতামত নোলোৱাকৈ অভিযুক্ত কিয় আছে পেয়িং কেবিনত।
গুৱাহাটীৰ জাৱৰ নলয় চন্দ্ৰপুৰবাসীয়ে
গুৱাহাটী পৌৰ নিগমে (Guwahati Municipal Corporation) চন্দ্রপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground) স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰৰ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ । চন্দ্ৰপুৰৰ ৰাইজে মঙলবাৰে পৌৰ নিগমৰ সিদ্ধান্তৰ বিৰুদ্ধে দোকান পোহাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰাৰ লগতে বুধবাৰে পুৱা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।
বছৰটোৰ প্ৰথমটো বানত জোনাইৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত
বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ জোনাই সমষ্টি (Jonai Constituency)ৰ বিস্তীৰ্ণ অঞ্চলত আগতৈয়াকৈ বান সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ নেৰানেপেৰা কৈ হৈ থকা বৰষুণৰ ফলত জোনাইৰ নৈ-উপনৈ সমূহৰ পানী বৃদ্ধি পোৱাত বাহিৰ জোনাই আৰু চিলে পঞ্চায়তৰ কেবাখনো গাঁও যোবা দুদিন ধৰি জলমগ্ন হৈ পৰিছে ৷