অসম

assam

By

Published : Jun 7, 2021, 11:02 AM IST

ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 at 11 AM
11 বজাৰ দহটা শীৰ্ষ বাতৰি

35 বছৰে নিৰ্মাণ অসম্পূৰ্ণ বঢ়মপুৰৰ এটা বিধস্ত পথৰ

বঢ়মপুৰ সমষ্টিৰ চলচলি মুছলিম গাঁও আৰু চাপানালা সংযোগী এটা বিধস্ত পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ বিগত 35 বছৰে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

ধৰ্মৰ দোহাই দি প্ৰৱঞ্চনা কৰা মহিলা আটক

ধৰ্মৰ ভয় দেখুৱাই চামগুৰিৰ কেইবাটাও পৰিয়ালৰ পৰা ধন-সোণ লুট কৰা এগৰাকী মহিলাক তেজপুৰ সদৰ আৰক্ষীয়ে অৱশেষত আটক কৰে ৷ মহিলা গৰাকী চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পূৱ পাঘালী গাঁৱৰ আব্দুল হেকিমৰ পত্নী ফাতেমা খাটুন বুলি জানিব পৰা গৈছে ৷

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান নিৰঞ্জন হাজৰিকাৰ

বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাৰ প্ৰশংসনীয় পদক্ষেপ ৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতত সাংবাদিক গৰাকীয়ে আগবঢ়ায় সাহায্য ৷

নলবাৰীৰ খেলুৱৈক সহায়ৰ হাত অধিবক্তা দিলীপ চৌধুৰীৰ

মহামাৰী কৰ'ণাৰ সময়ত নলবাৰী জিলাৰ জাজিয়াবাৰী গাঁৱৰ খেলুৱৈসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দিলীপ চৌধুৰী ৷ অধিবক্তাগৰাকীয়ে খেলুৱৈসকলৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী ৷

Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ: জকাইত বৃদ্ধ দম্পতীক আগবঢ়ালে সহায়

জকাই বৰবিলৰ বৃদ্ধ দম্পতীৰ দুৰ্বিসহ জীৱন কাহিনী Etv Bharat ত প্ৰচাৰ হোৱাৰ পাচতে সহায়ৰ বাবে আগবাঢ়ি আহে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ লগতে মৰাণ-সোণোৱাল কছাৰী উন্নয়ন সমিতি আৰু স্থানীয় সমাজকৰ্মী মোহন সোণোৱাল । বৃদ্ধ দম্পতীটোৰ উৰুখা পঁজাটি মেৰামতি কৰিবৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷

আংশিক লক ডাউনে বিপদত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক

আংশিক লক ডাউনে বিপদত পেলাইছে মধ্যম শ্ৰেণীৰ ব্যৱসায়ীসকলক ৷ যাৰ বাবে দুই তিনি মাহলৈ ইএমআই পিছুৱাই দিবৰ বাবে চৰকাৰক অনুৰোধ ব্যৱসায়ীসকলৰ ৷

ৰঙিয়াত বিশেষভাৱে সক্ষম লোকলৈ সাহায্য প্ৰদান

এইচ এণ্ড কে প্ৰাইভেট লিমিটেডে(H&K private limited)ৰ সৌজন্যত গৰীৱ নন্দন জনকল্যাণ সমিতিৰ উদ্যোগত ৰঙিয়া মহকুমাৰ বিশেষভাৱে সক্ষম লোকক সাহায্য প্ৰদান কৰা হয় ৷

তিনিচুকীয়াত 5 যুৱকৰ লক্ষ্য ক্ষুধা নিবাৰণ

তিনিচুকীয়াত ক’ভিড 19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে ৷ যাৰ ফলত খাদ্য সংকটত ভূগিছে খাটি খোৱা লোক তথা পদপথত থকা লোকসকল ৷ এই লোকসকলৰ ক্ষুধা নিবাৰণৰ বাবে ওলাই আহিছে তিনিচুকীয়াৰ পাঁচ যুৱক ৷

পথৰ দুৰৱস্থা: ঠেলি ঠেলি পাৰ কৰিবলগা হৈছে এম্বুলেঞ্চ

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ কোকিলাত অৰ্ধনিৰ্মিত এটা পথৰ দুৰৱস্থাৰ বাবে এতিয়া জৰুৰীকালীন সেৱাৰ লগতে ব্যাহত হৈ পৰিছে সাধাৰণ যাতায়াত ব্যৱস্থা ৷ পথটোৱে কীৰ্তনপাৰা, গোলাপাৰা, নাম্বাৰপাৰা, চাকলা, কোকিলা হৈ বৰপেটা জিলাৰ কলগাছিয়াৰ সৈতে সংযোগ স্থাপন কৰিছে ৷

বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে একাধিক সফল অভিযান চলোৱাৰ পাচতো যেন অধিক তৎপৰ হৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত অবৈধ ড্ৰাগছ, হেৰ'ইন, ব্ৰাউন চুগাৰ আদিৰ সৰবৰাহ এতিয়াও অব্যাহত আছে ৷

ABOUT THE AUTHOR

...view details