অসম

assam

ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Apr 20, 2021, 11:43 AM IST

ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে

তেজপুৰ শালনিবাৰী বিমানবন্দৰত দুজন কৰ্মচাৰী ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । জানিব পৰা মতে, এজন এজিএম আৰু চিআইএছএফৰ কমাণ্ডেণ্টৰ পৰিয়াল আক্ৰান্ত হৈছে । ক’ভিড-১৯ ৰ সংক্ৰমণৰ বাবে অসমৰ স্বাস্থ্য বিভাগে জিলাসমূহলৈ নিম্ন শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈকে বন্ধ ঘোষণা কৰিছে । ক’ভিডৰ সংক্ৰমণৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ নিৰ্দেশনা ।

ভোট গণনাৰ সময়ত বিষয়া-কৰ্মচাৰীয়ে কৰিব লাগিব ক'ভিড টেষ্ট

বৰপেটাত যোৱা 24 ঘণ্টাত ৪৪ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ লগে লগে জিলাখনত ১৬২ গৰাকীলৈ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত সংখ্যা ৷ অৱশ্যে সোমবাৰে ২৬ গৰাকী ক'ৰণা ৰোগী সুস্থ হৈ উঠাৰ কথা জানিবলৈ দিয়ে বৰপেটা প্ৰশাসনে ৷

মৰাণত মাইকযোগে ক’ৰণাৰ সজাগতা প্ৰশাসনৰ

দ্ৰুত গতিত বৃদ্ধি পোৱা ক’ৰণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিদিনেই মৰাণত মাইকযোগে সজাগতা সৃষ্টি কৰি আহিছে মৰাণৰ আৰক্ষী প্ৰশাসনে । মৰাণৰ দৈনিক বজাৰত বহু শতাধিক লোক সমাগম হোৱা বজাৰখনৰ ৰাইজক সামাজিক দূৰত্ব মানি চলি মাস্ক পৰিধান কৰিবলৈ মাইকযোগে আহ্বান জনায় প্ৰশাসনে । এই নিয়ম অমান্য কৰা লোকক জৰিমনা বিহিছে আৰক্ষীয়ে । উল্লেখ্য যে, বিগত দিনত মৰাণ আৰু খোৱাঙত ইতিমধ্যে কেইবাগৰাকীও লোক ক’ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

1 মে'ৰ পৰা দেশত তৃতীয় পৰ্যায়ত কৰ'ণা প্ৰতিষেধক প্ৰদান

1 মে' ৰ পৰা ভাৰতত তৃতীয় পৰ্যায়ত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ ৷ 18 বছৰৰ উৰ্ধৰ সকলোৱে গ্ৰহণ কৰিব পাৰিব এই প্ৰতিষেধক ৷ সোমবাৰে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰে এই কথা ৷

মঙলবাৰে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা

মঙলবাৰে অশোকাষ্টমী উপলক্ষে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা ৷ জিলা উপায়ুক্তৰ এক জাননীত এই ঘোষণা ৷

মিজোৰামত নতুনকৈ 45 গৰাকীৰ দেহত ক'ৰণাৰ উপস্থিতি

বিগত 24 ঘণ্টাত মিজোৰামত 45 গৰাকীৰ দেহত ক'ৰণাৰ উপস্থিতি পোৱা গৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা 4,509 গৰাকী ৷ মৃত্যু হোৱা লোকৰ সংখ্যা 12 গৰাকী ৷

বাইহাটা চাৰিআলিত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল কামৰূপ জিলাৰ বাইহাটা চাৰিআলি । চিবিএছই আৰু ছেবাৰ শিক্ষা স‍‍ংসদৰ বৈষম্যতাৰ অভিযোগ উত্থাপিত কৰি শিক্ষাৰ্থীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ । বৃহত্তৰ অঞ্চলটিৰ পূৱ কামৰূপ মহাবিদ্যালয়, চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়, গেটৱে, জেনিথ, এমেটি, পায়’নিয়াৰ, প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে-হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্য চৰকাৰে ক'ভিড প্ৰট’কল মানি পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে প্ৰস্তুতি চলোৱা নিৰ্দেশনাক পোনচাটেই নাকচ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে । কিয়নো ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে চিবিএছইয়ে সকলো পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে । প্ৰতিবাদকাৰীসকলৰ দাবী যে, তেওঁলোকৰো পৰীক্ষাসমূহ পিছুৱাই দিয়ক নাইবা অনলাইন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰক ।

জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম: বৰষাৰাণী বিষয়া

সোমবাৰে ৰঙিয়াৰ এখন বিপনী উদ্ধোধনত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম বুলি কৈ ৰাইজক সাৱধানে থকাৰ বাবে আহ্বান জনায় ৷ অভিনেত্ৰীগৰাকীয়ে ক’ৰণাৰ বিৰুদ্ধে সকলোৱে উঠি-পৰি লাগিবলৈ কোৱাৰ উপৰিও মাস্ক পৰিধান কৰা, সামাজিক দুৰত্ব বজাই ৰখা আৰু হাত পৰিস্কাৰ কৰি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় ।

বাক্সাত 41 জনলৈ বৃদ্ধি ক'ৰণাত আক্ৰান্ত সংখ্যা

দেশত ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যতো লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা ৷ এতিয়ালৈকে বাক্সা জিলাত ক'ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪১ গৰাকীলৈ ।

কৰ’ণাত আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

কৰ’ণাত আক্ৰান্ত হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ৷ দেওবাৰে নিশা মনমোহন সিঙৰ শৰীৰত কৰ’ণা ভাইৰাছৰ লক্ষণ ধৰা পৰে ৷ ইয়াৰ পাছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক দিল্লীৰ এইমচ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

ABOUT THE AUTHOR

...view details