AJP ত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত: ৰাজ্যিক সম্পাদক ৰাফেল কুজুৰৰ পদত্যাগ
অন্তঃকন্দলত জৰ্জৰিত হৈ পৰিছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ ৷ দলটোৰ ৰাজ্যিক সম্পাদক ৰাফেল কুজুৰে কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা এখন পদত্যাগ পত্ৰই জোকাৰণি সৃষ্টি কৰিছে মৰাণ এজেপিত ৷ পত্ৰখনত দলীয় নেতাগৰাকীয়ে ব্যক্তিগত অসুবিধাৰ হেতু অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছোঁ বুলি উল্লেখ কৰিছে যদিও এয়া দলটোৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বুলিহে এতিয়া চৰ্চিত হৈছে ।
লামডিঙত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত: দল ত্যাগ কৰাৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ
সমাগত বিধান সভা নিৰ্বাচনত প্ৰত্যেকটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰো ঘোষণা কৰা হৈছে প্ৰাৰ্থীত্বৰ তালিকা ৷ কিন্তু বৰ্তমানো ঘোষণা কৰা হোৱা নাই লামডিং সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ ইপিনে সমষ্টিটোত প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই যদিও স্বপন কৰক সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব বুলি চৰ্চিত হৈছে ৷
নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই
সকলো জল্পনা-কল্পনাৰ অবসান ঘটাই সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত ললে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ সোমবাৰে নিশা এই কথা সদৰি কৰিলে নেতা গৰাকীৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ৷ চৰকাৰী ঘৰ এৰি খাৰঘুলীৰ নিজা বাসভৱনলৈ যোৱাৰ কথাও সদৰি কৰিলে নেতা গৰাকীৰ পত্নীয়ে ৷
মাৰ্ঘেৰিটাৰ কংগ্ৰেছত বিসম্বাদ: দল ত্যাগ কৰাৰ হুংকাৰ বঞ্চিত প্ৰাৰ্থীৰ
ৰাজ্যৰ বিভিন্ন সমষ্টিত অব্যাহত আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ সেইয়া কংগ্ৰেছেই হওক অথবা বিজেপিয়েই হওক,নতুবা আন ৰাজনৈতিক দলেই হওক ৷ সকলোতে এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক এই সংঘাত শেহতীয়াকৈ দেখা গৈছে 124 নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিতো ৷ কংগ্ৰেছৰ দলীয় টিকটৰ পৰা বঞ্চিত প্ৰবীণ কংগ্ৰেছী বাসুদেৱ ছেত্ৰী আৰু ৰুবুল গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৷
ইউপিপিএলৰ নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ প্ৰমোদ বড়োৰ
ইউপিপিএল দলৰ হকে কষ্ট আৰু ত্যাগ কৰা বহু নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ৷ সোমবাৰে কোকৰাঝাৰত সাংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি কয়, ৰাজনীতিত গিভ এণ্ড টেক থাকে ৷ ৰাজনীতি কৰা বা খেলাটোৱেই আমাৰ প্ৰধান উদ্দেশ্য নহয়, বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰাই আমাৰ মূল উদ্দেশ্য ৷