যোৰহাটত 73 তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অতুল বৰাৰ
ক’ভিডৰ তৃতীয় ঢৌৰ সংমক্ৰণৰ মাজতে দেশে বুধবাৰে উদযাপন কৰিছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী (73rd Republic day celebration amidst Covid Pandamic) ৷ সমগ্ৰ দেশৰ লগতে যোৰহাটতো ৭৩ তম গণৰাজ্য দিৱস উদযাপন (73rd Republic day celebration in Jorhat) ৷ কৃষি তথা সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই উত্তোলন কৰে দেশৰ ত্ৰিৰংগা পতাকা ৷ কিন্তু ক’ভিড প্ৰট’কলৰ বাবে কিছু পৰিমাণে ম্লান পৰে গণৰাজ্য দিৱসৰ আনন্দ-উল্লাস ৷
গণৰাজ্য দিৱস বিশেষ : সংস্কৃত ভাষাত এটি দেশপ্ৰেমমূলক গীত
আজি ভাৰতবৰ্ষৰ 73 তম গণৰাজ্য দিৱস ৷ এই বিশেষ দিনটোত আপোনালোকলৈ আগবঢ়াইছোঁ সংস্কৃত ভাষাত বাণীবদ্ধ কৰা এটি দেশপ্ৰেমমূলক গীত ৷ ‘‘বিজয়ী বিশ্বে ত্ৰিৰংগা প্যাৰা’’ শীৰ্ষক শ্যামলাল গুপ্তা প্ৰসাদ ৰচিত গীতটি সংস্কৃতলৈ অনুবাদ কৰিছে ড৹ নাৰায়ণ দত্ত মিশ্ৰই ৷ গীতটিৰ সুৰ পণ্ডিত ভজন চুপুৰীৰ ৷ কণ্ঠদান কৰিছে ৰঞ্জন বেজবৰুৱাই ৷ সহযোগী কণ্ঠশিল্পী সকল ক্ৰমে কৃষ্ণা, মনমিত আৰু নিভাৰাণী ৷ গীতটিৰ শব্দৰ পুনঃমিশ্ৰণ কৰিছে প্ৰাঞ্জল বৰাই ৷ এই গীতটিৰেই সকলোকে ইটিভি ভাৰতৰ তৰফৰ পৰা জনালোঁ গণৰাজ্য দিৱসৰ শুভেচ্ছা ৷
ভূমিৰ অধিকাৰ বিচাৰি মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ প্ৰতিবাদ
মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকে ভূমিৰ অধিকাৰ বিচাৰি আজিও অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ গণৰাজ্য দিৱসৰ পুৱা নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকসকলে ৷ সংযুক্ত কৃষক মৰ্চা, নিখিল ভাৰত কৃষক সভা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সহযোগত কৃষকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই কৃষক আন্দোলনত অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে ৷ এই সন্দৰ্ভত সাংবাদিক ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন ৷
Operation against drugs : নগাঁৱত নিতৌ জব্দ হৈছে লাখ লাখ টকাৰ ড্ৰাগছ
নগাঁৱৰ চলচলি কাতিমাৰীৰ পৰা হেৰ'ইনসহ দুই ব্যৱসায়ীক আটক (Drugs paddler arrested in Nagaon)। জব্দ পাঁচ লক্ষাধিক টকাৰ হে'ৰইন ৷ দুয়ো সৰবৰাহকাৰীক জেৰা চলোৱাৰ পৰৱৰ্তী কালত অধিক ড্ৰাগছ ব্যৱসায়ী আটক কৰাৰ সম্ভাৱনা আছে ।
Drugs seized at Lakhimpur : লখিমপুৰত মহিলাৰ দেহৰ পৰা ওলাল ড্ৰাগছ
আৰক্ষী যিমানেই তৎপৰ হৈছে, সিমানেই ন ন কৌশল অৱলম্বন কৰিবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ মঙলবাৰে লখিমপুৰত কৰায়ত্ত দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ মহিলা সৰবৰাহকাৰীয়ে শৰীৰৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ (Drugs seized at Lakhimpur) ৷