অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - CTET 2021

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Oct 20, 2021, 1:03 PM IST

কংগ্ৰেছ-বামপন্থীয়ে তৃতীয় পক্ষৰে ভাষিক সংঘাত সৃষ্টিৰ আখৰা চলাইছে : বিজেপি

শিলচৰত অসমীয়া ভাষাৰ হ’ৰ্ডিঙত ক’লা ৰং সনা ঘটনাক লৈ ৰাজ্যিক বিজেপি(BJP)ৰ প্ৰতিক্ৰিয়া । অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু অন্যান্য ভাষা-ভাষীৰ লোকক একতাৰ ডোলেৰে অসমীয়া ভাষাইহে বান্ধি ৰাখিছে বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা(Ranjib Kumar Sharma) আৰু ৰামকৃষ্ণ ঘোষে(Ramkrishna Ghosh) ।

ভৱানীপুৰত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

ৰাজ্যত উপ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ বিজেপিয়ে যিমানেই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে, সিমানেই কংগ্ৰেছেও নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ৷

ধুবুৰীৰ ঐতিহাসিক পাণবাৰী মছজিদত উত্তপ্ত পৰিস্থিতি

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঐতিহাসিক মছজিদটোৰ সম্মুখত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে মছজিদ পৰিচালনা সমিতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ৷

অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

'আমছা'ৰ দাবীক লৈ ক্ষীপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে । আলোচনাক সৌহাৰ্দপূৰ্ণ-ফলপ্ৰসূ আখ্যা আমছা নেতৃত্বৰ ।

ভাষাৰ অপমান সহ্য কৰা নহয় : যোগেন মহন

বৰাক উপত্যকাত অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰৰ জল জীৱন মিছনৰ বিজ্ঞাপনত ক’লা ৰং সনা ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী যোগেন মহনে ৷ বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্য দুখজনক বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

অসমীয়া ভাষাক অপমান : শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া কি ?

বৰাকত অসমীয়া ভাষা(Assamese Language)ক অপমান কৰাসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা নল’লে ছাত্ৰ সন্থাই ব্যৱস্থা ল’ব ৷ মঙলবাৰে ডিব্ৰুগড়ত শিলচৰত অসমীয়া ভাষাক কৰা অপমানক লৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা(Sankor Jyoti Baruah)ই ৷

বৰাকত অসমীয়া ভাষাৰ অপমানৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা

শিলচৰত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনত ক'লা ৰং সানি অসমীয়া ভাষাক অপমান কৰা কাণ্ডৰ বিৰোধিতাৰে তিতাবৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ ৷

পূৱ ইম্ফলত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ

মণিপুৰ আৰক্ষী(Manipur Police) আৰু আছাম ৰাইফলছৰ মহা পৰিদৰ্শক(দক্ষিণ) ৰ যুটীয়া অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ ৷ মণিপুৰৰ পূৱ ইম্ফল জিলাৰ আন্দ্ৰো খিংথাক গাঁৱৰ পৰা স্পিয়াৰ কৰ্পৰ অধীনত নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে সামগ্ৰীখিনি ৷

C-TET 2021 ৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ সময়সীমা 25 অক্টোবৰলৈ বৃদ্ধি

C-TETৰ বাবে অনলাইন প্ৰ-পত্ৰ জমা দিয়াৰ শেষ দিন 19 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈ বৃদ্ধি কৰিছে Central Board of Secondary Education য়ে ৷

অস্কাৰৰ মনোনয়নৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ দিশে BRIDGE

অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আহিছে এক সুখবৰ । অস্কাৰৰ মনোনয়নৰ তালিকাত অন্তৰ্ভূক্ত হ’বৰ বাবে প্ৰাথমিক পৰ্যায়ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে অসমীয়া চলচ্চিত্ৰ ব্ৰীজে(BRIDGE) ৷

ABOUT THE AUTHOR

...view details